NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত পুনৰ দুগৰাকী কোভিড১৯ পজিটিভ : ১৯১ গৰাকীলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 21, 2020 12:56 pm
EYhgVFaU4AAeb5c.jpg222

ৰাজ্যত ১৯১ গৰাকীলৈ বৃদ্ধি পালে কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা।

নতুনকৈ কোকৰাঝাৰত দুগৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

পুৱাৰ ভাগতো কোকৰাঝাৰ কুৱাৰেন্টাইন চেণ্টাৰত এগৰাকী লোকৰ দেহত এই ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

কালিৰ দিনটোত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

বৰ্তমান ১৩৬ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

তাৰ বিপৰীতে ৪৮ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

পৰহি দিনা ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।