NORTHEAST NOW (Assamese)
অসম

ইজৰাইলৰ ধৰ্মীয় তীৰ্থস্থানত পদপিষ্ট হৈ কমেও ৪৪জন তীৰ্থযাত্ৰীৰ মৃত্যু; আহত শতাধিক লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 30, 2021 11:23 am
Israel steampad

ইজৰাইলত ইহুদী সম্প্ৰদায়ৰ এখন তীৰ্থস্থানত পদপিষ্ট হৈ কমেও ৪৪জন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন শতাধিক লোক আহত হৈছে।

শুকুৰবাৰে সংঘটিত এই মৰ্মান্তিক ঘটনাৰ ফলত দেশখনত শোকৰ ছাঁ পৰিছে।

উত্তৰ ইজৰাইলৰ মেৰন পৰ্বতৰ পাদদেশত প্ৰতিবছৰে লাগ বা ওমেৰ নামৰ ধৰ্মীয় উৎসৱৰ অনুষ্ঠিত হয়। ইয়াতেই ইহুদী ধৰ্মগুৰু ছিমন বাৰ ইউচাইৱৰ সমাধিক্ষেত্ৰ আছে।

এইবাৰো সেই উৎসৱত হাজাৰ হাজাৰ তীৰ্থযাত্ৰী সমৱেত হৈছিল। জুঁই জ্বলোৱা, প্ৰাৰ্থনা তথা নৃত্য-গীতৰ জৰিয়তে ইহুদীসকলে উৎসৱটো পালন কৰে।

বিবিচিৰ বাতৰি অনুসৰি, এই উৎসৱত যোগদান কৰা কেইবাজনো লোক ভৰি পিছলি পৰি যোৱাৰ পাছতে ঘটনাটো ঘটে। ইজনে আনজনৰ ওপৰত উবুৰি খাই পৰে।

স্থানীয় সূত্ৰসমূহৰ মতে ঘটনাস্থলীতে ৩৮জন লোকৰ মৃত্যু হয় আৰু বাকী কেইবাজনৰো হাস্পাতালত মৃত্যু হয়। আহতসকলক হাস্পাতলত ভৰ্তি কৰা হৈছে। ইয়াৰ ভিতৰত বহুতৰে অৱস্থা সংকটজনক। সেয়ে, মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এই ঘটনাক এক ডাঙৰ বিপৰ্যয় বুলি অভিহিত কৰিছে।

দেশখনত কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৃহৎ জনসমাৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে যদিও লাগ বা ওমেৰ উৎসৱৰ বাবে সৰ্বাধিক ১০হাজাৰ লোকক অংশগ্ৰহণৰ অনুমতি দিয়া হৈছিল।

বাতৰিত প্ৰকাশ পোৱা মতে উৎসৱত দেশখনৰ প্ৰায় ৩০হাজাৰ লোকে অংশ লৈছিল। তদুপৰি, তাত আইন-শৃংখলা বজাই ৰখাৰ বাবে ৫হাজাৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছিল।