NORTHEAST NOW (Assamese)
অসম

তামুলপুৰ-নাগ্ৰীজুলি পথৰ টেবিতোলাত অচিনাক্ত বাহনৰ খুন্দাত এজন লোক নিহত

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক October 19, 2020 8:54 pm

তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি পথৰ টেবিতোলা চকত সোমবাৰে আবেলি সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়।

নিহত লোকজন হৈছে নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত টেবিতোলা গাঁৱৰ প্ৰায় ৬০ বছৰীয়া ধেনা হাসদা।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ধেনাই নাগ্ৰীজুলিৰ পৰা নিজ গৃহ অভিমুখে খোজকাঢ়ি আহি টেবিতোলা চক পোৱাৰ সময়তে নাগ্ৰীজুলিৰ পৰা তামুলপুৰ অভিমুখী এছকোৰ্ট গাড়ীসহ অহা এখন তীব্ৰ বেগী কলা ৰঙৰ স্ক’ৰপিও গাড়ীয়ে ধেনাক প্ৰচণ্ড জোৰে খুন্দা মাৰে।

খুন্দা মৰাৰ ফলত ধেনা গুৰুতৰ ভাবে আহত হয়। আহত ধেনাক স্থানীয় ৰাইজে ততাতয়াকৈ তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও পিছত ধেনাৰ মৃত্যু হয়।

ইপিনে খবৰ পোৱাৰ লগে লগে নাগ্ৰীজুলি আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক প্ৰফুল্ল ব্ৰহ্মৰ নেতৃত্বত এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ইপিনে দুৰ্ঘটনা সংঘটিত কৰি স্ক’ৰপিও গাড়ীখন তীব্ৰ বেগেৰে ঘটনাস্থলীৰ পৰা তামুলপুৰ অভিমুখে পলায়ন কৰে।

গাড়ী খনৰ সন্ধানত নাগ্ৰীজুলি আৰক্ষীয়ে অভিযান চলাই আছে যদিও বাতৰি লিখাৰ পৰলৈকে গাড়ীখনৰ কোনো সন্ধান পোৱা নাই।

উল্লেখ্য যে তামুলপুৰ-নাগ্ৰীজুলি পথত ৰাবিবাৰে আবেলিও এখন চাৰি চকীয়া বাহনৰ খুন্দাত এজন লোক নিহত হৈছিল।