NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰ-পূবত ৰণশিঙা বজাবলৈ কাইলৈ গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী

Posted by: অনির্বান পাঠক Updated by: অনির্বান পাঠক February 25, 2019 9:44 pm
rahul-gandhi-678x381

উত্তৰপূৱত বিজেপিক প্ৰত্যাহ্বান জনাই কাইলৈ গুৱাহাটীত নিৰ্বাচনী ৰণশিঙা বজাব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে। লোকসভা নিৰ্বাচনৰ আগমূহুৰ্তত অসম তথা উত্তৰপূবত এইখন হ’ব কংগ্ৰেছৰ প্ৰথমখন বৃহৎ সমাবেশ।

কাইলৈ অৰ্থাৎ ২৬ ফেব্ৰুৱাৰিৰ দিনৰ ১.৩০ বজাত গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই ‘মেগা ৰেলী’ত অসমৰ লগতে উত্তৰপূৱৰ কংগ্ৰেছ কৰ্মীসকলক ৰাহুল গান্ধীয়ে সম্বোধন কৰিব।

নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱতে এই সমাবেশত প্ৰায় এক লাখ কংগ্ৰেছ কৰ্মীয়ে ভাগ লব বুলি জানিবলৈ দিয়ে। আজি সন্ধিয়াৰ ভাগতেই বিভিন্ন প্ৰান্তৰ পৰা ১০ হাজাৰতকৈ অধিক কৰ্মী গুৱাহাটী আহি পোৱাৰ কথা আছে বুলিও তেওঁ প্ৰকাশ কৰে।

আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত ৰাৱটে কয়, ‘কাইলৈ অসম আৰু উত্তৰপূৱৰ লক্ষাধিক কংগ্ৰেছ কৰ্মীয়ে পৰিবৰ্তনৰ ধ্বনি দিব। সমগ্ৰ দেশত এতিয়া পৰিবৰ্তনৰ বতাহ বলিছে আৰু ইয়াৰ নেতৃত্ব দিছে ৰাহুল গান্ধীয়ে। সেই পৰিবৰ্তনৰ বাণী লৈ তেওঁ অসমলৈ আহিব’।

ইপিনে, এই সমাবেশক ‘ধৰ্মযুদ্ধ’ আখ্যা দি হৰিশ ৰাৱটে কয় যে যিসকলে দেশৰ সংবিধানিক অধিকাৰৰ সুৰক্ষাৰ বাবে যুঁজ দি আছে, যিয়ে গণতন্ত্ৰৰ হকে থিয় দিছে, যি সকলে কৃষক, মজদুৰ আৰু যুৱ প্ৰজন্মৰ বিকাশৰ বাবে থিয় দিছে এই সকলো কাইলৈৰ সমাবেশত মিলিত হ’ব। কংগ্ৰেছ সেই সকলোৰে লগত আছে বুলি কৈ যিসকল কংগ্ৰেছৰ লগত নাই তেওঁলোককো বিজেপিৰ বিৰোধিতা কৰিবলৈ তেওঁ আহ্বান জনায়।

তেওঁ লগতে কয়, ‘অসমৰ স্বকীয়তা ৰক্ষা আৰু বিজেপিৰ বিভাজনৰ এজেণ্ডাৰ বিৰোধিতা কৰাসকলক একত্ৰিত হোৱাৰ প্ৰয়োজন আছে।’

কাইলৈ ৰাহুল গান্ধীয়ে খানাপাৰাৰ সমাবেশত ভাগ লোৱাৰ পাছত বিয়লি .৪৫ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উত্তৰপূব কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতি আৰু .৪৫ বজাত জিলা আৰু ব্লক কংগ্ৰেছৰ সভাপতি সকলৰ সৈতে বৈঠকত মিলিত হ’ব। সন্ধিয়া তেওঁ পুনৰ নতুন দিল্লীলৈ উভতি যাব।

ইপিনে, ৰাহুল গান্ধীৰ এই ভ্ৰমণৰ প্ৰচাৰ চলাবলৈ প্ৰদেশ কংগ্ৰেছে আজি দিনৰ ভাগত ‘প্ৰচাৰ যাত্ৰা’ নামেৰে এক সমদল উলিয়াই। ৰাজীৱ ভৱনৰ পৰা আৰম্ভ হোৱা এই সমদলৰ নেতৃত্ব দিয়ে ‘ফ্লেগ মাষ্টাৰ’ চাচা হিন্দুস্তানীয়ে। ইয়াত ভাগ লয় হৰিশ ৰাৱট, ৰিপুন বৰা প্ৰমুখ্য কংগ্ৰেছ নেতৃত্বই।