NORTHEAST NOW (Assamese)
অসম

লোকসভা নিৰ্বাচনৰ পূৰ্বে উঃ পূঃৰ বেংকত হৈছে সন্দেহজনক ধনৰ বৃহৎ লেনদেন: আয়কৰ বিভাগ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 3, 2019 10:25 pm
Huge amounts of suspicious cash withdrawals have been made from NE banks after announcement of loksabha election: IT director

বিজেপি শাসিত অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খান্দুৰ কনভয়ৰ পৰা নিৰ্বাচনী ব্যয় নিৰীক্ষকে ১কোটি ৮০লাখ টকা জব্দ কৰাৰ অভিযোগৰ মাজতে আসন্ন লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ-পূবৰ বেংকসমূহত সন্দেহজনক ধনৰ বৃ্হৎ লেনদেন হোৱাৰ কথা সদৰী কৰিছে খোদ আয়কৰ বিভাগে।

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিন ধৰি বুধবাৰলৈকে উত্তৰ-পূবত জব্দ কৰা হৈছে মুঠ ৩.৭৬কোটি টকা (অৰুণাচলৰ মুখ্য মন্ত্ৰীৰ কনভয় বাদ দিও)। সাধাৰণ নিৰ্বাচন, ২০১৯ৰ অধিসূচনা জাৰি হোৱাৰ পৰা উত্তৰ-পূবৰ আয়কৰ (তদন্ত) সঞ্চালকালয়ে এলেকাটোত নিয়োগ কৰিছে ১৫০গৰাকীৰো অধিক বিষয়া।

গুৱাহাটীৰ খ্ৰীষ্টানবস্তিস্থিত আয়কৰ ভৱনত এক সংবাদমেলযোগে বিভাগটোৰ মুখ্য সঞ্চালক সঞ্জয় বাহাদুৰে এই কথা সদৰী কৰিছে।

“নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকা সময়ত বেংকসমূহত হৈ থকা এনে দুষ্কাৰ্য্য প্ৰতিৰোধ কৰাৰ বাবে নিৰ্বাচনী আয়োগে জিলা নিৰ্বাচনী বিষয়াসমূহলৈ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। লগতে বেংকসমূহেও কোনো লোকে ১০ লাখ টকাতকৈ অধিক লেনদেন কৰাৰ তথ্য থাকিলে আয়কৰ বিভাগলৈ প্ৰেৰণ কৰাটো বাধ্যতামূলক বুলি নিৰ্বাচনী আয়োগে নিৰ্দেশনা দিছে,” ইতিমধ্যে প্ৰাথমিক তথ্যসমূহ ভাৰতীয় নিৰ্বাচনী আয়োগৰ দৃষ্টিগোচৰ কৰা হৈছে বুলি উল্লেখ কৰি বিষয়াগৰাকীৰ মন্তব্য।

কিন্তু ভাৰতৰ নিৰ্বাচনী আয়োগেৰ নিৰ্দেশনা জিলা নিৰ্বাচনী বিষয়াসকলৰ লগতে বেংক পৰিচালকসকলেও এৰাই চলিছে বুলি অভিযোগ কৰিছে বিষয়াজনে।

“নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পৰা অৰ্থাৎ ১৮ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে উত্তৰ-পূবৰ ১১২খন জিলাৰ ১৪গৰাকী জিলা নিৰ্বাচনী বিষয়াইহে প্ৰতিবেদন প্ৰেৰণ কৰিছে। আমি নিজৰ চোৰাংচোৱাৰ পৰা পোৱা তথ্য মতে বেংকসমূহৰ পৰা পোৱা তথ্য তেনেই নগণ্য,” তেওঁ জনায়। “এতিয়ালৈকে লাভ কৰা তথ্য মতে এটা অঞ্চলৰ ৫টা প্ৰধান বেংকেহে ১০ দিনৰ তথ্য যোগান ধৰিছে। এই সামান্য তথ্য নিৰীক্ষণত ১০০টা বেংক একাউন্টৰ জৰিয়তে সন্দেহজনক ধনৰ লেনদেন হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ২০০ টা গোচৰৰ তদন্ত চলি আছে।”

ইয়াৰোপৰি, বিত্তীয় চোৰাংচোৱা সংস্থা, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আৰু উত্তৰ-পূবৰ মুখ্য বেংকসমূহক ১০ লাখ টকাতকৈ বেছি ধনৰ লেনদেন কৰাৰ ডিজিটেল তথ্য সৰবৰাহ কৰিবৰ বাবে জনোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে।