NORTHEAST NOW (Assamese)
অসম

দেশত অপ্ৰতিৰোধ্য কৰ’নাৰ সংক্ৰমণ! ২৪ ঘন্টাত আক্ৰান্ত প্ৰায় ৪লাখ; ৩হাজাৰৰো অধিকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 30, 2021 12:07 pm
Oxygen scarcity

বিশেষজ্ঞসকলে কোৱা মতে মে’ মাহত কৰ’নাৰ সংক্ৰমণ তীব্ৰ গতিত বৃদ্ধি পাই শীৰ্ষত উপনীত হ’ব। দেশত দৈনিক আক্ৰান্তৰ সংখ্যাই যেন সেই কথাকেই প্ৰমান কৰিবলৈ আগবাঢ়িছে।

বিগত কেইদিনত একেৰাহে দেশত কৰ’নাৰ সংক্ৰমণৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টাত দেশত কৰ’না আক্ৰান্তৰ সংখ্যা প্ৰায় ৪লাখৰ ওচৰা-ওচৰি পাইছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ দিয়া তথ্য মতে যোৱা ২৪ ঘণ্টাত দেশত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩,৮৬,৪৫২গৰাকী।

ইয়াৰ ফলত দেশত মুঠ কৰ’নাক্ৰান্তৰ সংখ্যা ১,৮৭,৬২,৯৭৬ গৰাকীলৈ বৃদ্ধি পাইছে। মন্ত্ৰ্যালয়ৰ মতে ২৪ ঘণ্টাত দেশত অভিলেখ সংখ্যক লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত কৰ’নাক্ৰান্তৰ মৃত্যুৰ সংখ্যাই ৩০০০ অতিক্ৰম কৰিছে। যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৩,৪৯৮ গৰাকী কোভিড আক্ৰান্তৰ।

ইপিনে, দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ২,৯৭,৫৪০ গৰাকী ৰোগীয়ে। সেইদৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ১,৫৩,৮৪,৪১৮ গৰাকী।

আনহাতে, ৩১,৭০,২২৮ গৰাকী আক্ৰান্ত বৰ্তমানেও চিকিৎসাধীন হৈ থকাৰ বিপৰীতে কৰ’নাত মুঠ মৃত্যু হোৱাৰ লোকৰ সংখ্যা হৈছে ২,০৮,৩৩০ গৰাকী।

বৰ্তমানলৈ দেশত ১৫কোটি ২২লাখ ৪৫হাজাৰ ১৭৯গৰাকী লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।