NORTHEAST NOW (Assamese)
অসম

নেপালৰ সৈতে সীমা সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব : বৈদেশিক মন্ত্ৰ্যালয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2020 11:00 pm

নেপালৰ সৈতে থকা সকলো ধৰণৰ সীমা সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব বুলি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে উল্লেখ কৰিছে।

‘‘নেপালৰ সৈতে ভাৰতৰ সকলো ধৰণৰ সীমা সমস্যাৰ প্ৰসংগ আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব,’’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে বৃহস্পতিবাৰে এইদৰে কয়।

নেপাল চৰকাৰে শেহতীয়াভাৱে ভাৰতৰ ভূখণ্ড অন্তৰ্ভূক্ত কৰি নেপালৰ নতুন মানচিত্ৰ প্ৰকাশ কৰাৰ পাছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে মত প্ৰকাশ কৰে।

‘‘আমি আশা কৰো নেপালৰ নেতৃত্বই আলোচনাৰ বাবে যোগাত্মক পৰিবেশৰ সৃষ্টি কৰিব,’’ অনুৰাগ শ্ৰীবাস্তৱে লগতে কয়।

উল্লেখযোগ্য যে, বিগত সময়ছোৱাত নেপালে ভাৰতৰ বিৰুদ্ধে আক্ৰমণাত্মক মনোভাৱ গ্ৰহণ কৰিছে।

কিছুদিন পূৰ্বে ভাৰতে সীমান্তত নিৰ্মাণ কৰি থকা পথ সন্দৰ্ভতো নেপালে আপত্তি দৰ্শাইছিল।

তদুপৰি, নেপালৰ প্ৰধান মন্ত্ৰীয়ে ক’ৰ’নাৰ সক্ৰমণৰ সময়ত চীন আৰু ইটালীৰ ভাইৰাছতকৈ ভাৰতীয় ভাইৰাছ অধিক ভয়াবহ হিচাপে বিতৰ্কিত মন্তব্য কৰিছিল।