NORTHEAST NOW (Assamese)
অসম

বৃহৎ সফলতা: অল কায়দাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক আমেৰিকাই গতালে ভাৰতক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 22, 2020 8:17 am
562700-ibrahim-zubair new

আমেৰিকাত থকা অল কায়দাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মহম্মদ ইব্ৰাহিম জুবেইৰক ভাৰতৰ হাতত গতাই দিয়া হৈছে।

যোৱা ১৯ মে’ত তেওঁক ভাৰতলৈ আনি পঞ্জাৱৰ অমৃতসৰত এটা কোৱাৰেন্টাইন চেন্টাৰত ৰখা হৈছে।

ইব্ৰাহিম জুবেইৰে অল কায়দাৰ বিত্তীয় দিশৰ কাম চোৱাচিতা কৰিছিল।

আমেৰিকাৰ আদালতত সন্ত্ৰাসবাদী ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁক দোষী সাৱ্যস্ত কৰা হৈছিল।

জুবেইৰক ২০১১ত আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছিল।

তেলেংগানাৰ বাসিন্দা জুবেইৰ বৃত্তিত এজন অভিযন্তা। আমেৰিকাত তেওঁ শাস্তিৰ ম্যাদ সম্পূৰ্ণ কৰাৰ পাছত ভাৰতক অৰ্পন কৰিছে।

জুবেইৰক পাঁচ বছৰৰ শাস্তি বিহা হৈছিল।

কঠোৰ নিৰাপত্তাৰ মজেৰে বুধবাৰে ইব্ৰাহিম জুবেইৰক ভাৰতলৈ অনা হয়।

ভাৰতীয় সুৰক্ষা বিষয়াসকলে ভাৰতৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত তেওঁৰ কিবা ভূমিকা আছে নেকি তাৰ জেৰা চলাই আছে।

জুবেইৰ ২০০১চনত হায়দৰাবাদৰ ওছমানিয়া য়ুনিভাৰ্ছিটিৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গৈছিল।

আমেৰিকাত আছিল তেওঁৰ ভাতৃ য়াজ্জা ফাৰুক মহম্মদ। তেওঁক ফাৰুকে ইলিনয় য়ুনিভাৰ্ছিটিত ভৰ্তি কৰাই দিয়ে।

২০০৫চনৰ পাছত জুবেইৰ অ’হিঅ’লৈ স্থানান্তৰ হয়।

বাতৰি অনুসৰি, জুবেইৰে অলকায়দাৰ নেতা আনোৱাৰ অল-অবলকীৰ ভিডিঅ’ চাই সন্ত্ৰাসবাদী হৈছিল।

তেওঁৰ ভাতৃ আমেৰিকাৰ পৰা ডুবাইলৈ গুচি যোৱাৰ পাছত তেওঁৰ বেংকৰ লেনদেনৰ বাবে জুবেইৰৰ আমেৰিকাৰ ঠিকনা ব্যৱহাৰ কৰিছিল।