NORTHEAST NOW (Assamese)
Popular Stories

গুগল আৰু এপ’লে মিলি বনোৱা এটা টেকনিকেৰে নিৰ্মাণ হ’ব ক’ৰ’নাৰ সতৰ্কতা দিব পৰা এপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 22, 2020 8:37 am

গুগল আৰু এপ’লে মিলি এটা টেকনিক মুকলি কৰিছে যাৰ দ্বাৰা মাৰাত্মক ৰীপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ সতৰ্কতা দিব পৰা এপ নিৰ্মাণ কৰিব পৰা যাব।

এই নতুন টেকনিকটোৰ জৰিয়তে নিৰ্মাণ কৰিব লগীয়া এপটোৱে ক’ৰ’না সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ পূৰ্বে সজাগ কৰি দিব।

এপ’লৰ চি ই অ’ টীম কুকে টুইটাৰৰ জৰিয়তে কয়, ‍‘আমাৰ এই টেকনিকে স্বাস্থ্য কৰ্মীসকলক ক’ৰ’না সংক্ৰমিত ব্যক্তিক চিনাক্ত কৰাত সহায় কৰিব। আমি গুগলৰ লগত মিলি এক্সপ’জাৰ নটিফিকেশ্যন টেকনিক তৈয়াৰ কৰিছো’।

তেওঁ লগতে জানিবলৈ দি কয়, ‍‘আমি এই টেকনিকটো অতি শীঘ্ৰে ব্যৱহাৰকাৰী সকলক উপলব্ধ কৰাম আৰু ইয়ে ব্যৱহাৰকাৰীৰ ডাটা সম্পূৰ্ণৰূপে সুৰক্ষিত ৰাখিব’।

ইফালে গুগলৰ চি ই অ’ সুন্দৰ পিচাইয়ে টুইট কৰি কয়, ‍‘এপ’লৰ লগত মিলি এই টেকনিকটো বনাইছো। এই এপটোৱে সংক্ৰমিত লোক চিনাক্ত কৰাত সহায় কৰিব’।

উল্লেখ্য যে এই টেকনিকটো ৱায়াৰলেছ টেকন’লজি ব্লুটুথত কাম কৰিব। এই টেকনিকটো ব্যৱহাৰ কৰি চৰকাৰী সংস্থা বা স্বাস্থ্য সংস্থা সমূহে নিজাববীয়াকৈ ক’ৰ’না সংক্ৰমিত ব্যক্তি চিনাক্ত কৰাৰ বাবে এপ নিৰ্মাণ কৰিব পাৰিব।

এই টেকনিকেৰে তৈয়াৰী এপটো গুগল বা এপ’ল প্লে’ ষ্টোৰৰ পৰা ডাউনল’ড কৰিব পাৰিব।

উল্লেখ্য যে, এটা সমীক্ষাত পোৱা তথ্য অনুসৰি সমগ্ৰ বিশ্বজুৰি ৩৮০ কোটি লোকে স্মাৰ্টফোন ব্যৱহাৰ কৰে।