NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাত আক্ৰান্ত কংগ্ৰেছ মুখপাত্ৰ সঞ্জয় ঝা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 22, 2020 5:38 pm

জেষ্ঠ কংগ্ৰেছী নেতা তথা কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জয় ঝা ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

শুকুবাৰে টুইটাৰ যোগে জেষ্ঠ কংগ্ৰেছী নেতা গৰাকীয়ে তেওঁৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰিছে বুলি জানিবলৈ দিয়ে।

‘’যদিও মোৰ শৰীৰত কোনো ধৰণৰ লক্ষণ দেখুওৱা নাই তথাপি মই আগন্তুক ১০-১২ দিনৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিম। অনুগ্ৰহ কৰি কোনো লোকে সংক্ৰমণৰ বিপদক অৱহেলা নকৰিব, আমি সকলোৱে সংক্ৰমিত হ’ব পাৰো,’’ সঞ্জয় ঝাই লগতে লিখে।

আনহাতে, জেষ্ঠ কংগ্ৰেছী নেতা গৰাকী ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে প্ৰাক্তন কংগ্ৰেছী নেতা তথা বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই সঞ্জয় ঝাৰ আৰোগ্য কামনা কৰে।

‘‘সঞ্জয় তোমাৰ দ্ৰুত আৰোগ্য কামনা কৰিলো। যত্ন ৰাখিবা,’’ সিন্ধিয়াই টুইটাৰত লিখে।

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। আজি পৰ্যন্ত ভাৰতত ১ লাখ ১৬ হাজাৰতকৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ৪৮ হাজাৰতকৈ অধিক লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।