NORTHEAST NOW (Assamese)
Popular Stories

দিহিং পাটকাই বৰ্ষাৰণ্য ধ্বংস হ’বলৈ নিদিব; বিভিন্ন ক্ষেত্ৰৰ শতাধিক ব্যক্তিৰ আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 22, 2020 5:28 pm
Dihing Patkai Final

ৰাষ্ট্ৰীয় তলাবন্ধ চলি থকাৰ মাজতেই অসমৰ দিহিং পাটকাই বৰ্ষাৰণ্যৰ প্ৰায় ৯৮ হেক্টৰ ভূমিত কয়লা খননৰ বাবে “নেচনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফ” নামৰ চৰকাৰী সংস্থাটোৱে অনুমতি প্ৰদান কৰিছে বুলি আমি সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ৷

এই সিদ্ধান্ত নিঃসন্দেহে হঠকাৰী; কিয়নো কয়লা খনন কাৰ্যই বৰ্ষাৰণ্যখনৰ জৈৱ-বৈচিত্ৰক ধ্বংস কৰাৰ লগতে বৃহত্তৰ দিহিং পাটকাই অঞ্চলৰ পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যও বিনষ্ট কৰিব৷

জীৱশ্ৰেষ্ঠ মানুহৰ সীমাহীন প্ৰলোভন আৰু পুঁজিপতি শ্ৰেণীটোৰ অবাধ লুন্ঠনে ইতিমধ্যে পৃথিৱী নামৰ আমাৰ এই বাসোপযোগী গ্ৰহটোৰ পৰিস্থিতিতন্ত্ৰৰ সন্তুলন ৰক্ষাত প্ৰধান প্ৰতিবন্ধক হিচাপে থিয়দি আহিছে৷ ফলত বিশ্ববাসীয়ে আজি পৰিৱেশ প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন ইত্যাদিৰ দৰে গম্ভীৰ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে৷

সময় থাকোঁতে এই সংকটৰ পৰা পৰিত্ৰাণ পাব নোৱাৰিলে পৃথিৱীখন মানুহৰ বাবে বাসোপযোগী হৈ নাথাকিব৷

কিন্তু এই কথা যেন মুনাফালোভী পুঁজিপতি শ্ৰেণীটোৱে বুজিও বুজিব নোখোজে৷ তথাকথিত উন্নয়নৰ নামত পৃথিৱীৰ সমস্ত পুঁজিপতি-বণিয়াই প্ৰাকৃতিক সম্পদৰ ওপৰত লুন্ঠন চলাইছে, এফালৰ পৰা বনাঞ্চল-জলাশয় ধ্বংস কৰি গৈছে৷ ভাৰততো একেই ছবি৷

কেৱল পুঁজিপতিৰ কথা চিন্তা কৰা ভাৰতৰ চৰকাৰে প্ৰাকৃতিক সম্পদৰ লুন্ঠনৰ উদ্দেশ্যে চকু-কাণ বন্ধ কৰি বিভিন্ন বনাঞ্চলত জধে-মধে উদ্যোগ স্থাপন বা খনিজ সম্পদ খননৰ অনুমতি প্ৰদান কৰিছে৷

চৰকাৰবোৰৰ এনে হঠকাৰী কাৰ্যই কেৱল যে জৈৱ-বৈচিত্ৰতহে প্ৰভাৱ পেলাইছে এনে নহয়, ই বিভিন্ন অৰ্থনৈতিক আৰু ৰাজনৈতিক সমস্যাৰো সৃষ্টি কৰিছে৷ মধ্য ভাৰতৰ নক্সালবাদৰ দৰে সমস্যা জানো এনেকুৱা চৰকাৰী হঠকাৰীতাৰ পৰিণাম নহয়?

অসমতো যোৱা কেইবছৰ মানৰ পৰা চৰকাৰে অসমৰ জনতাৰ প্ৰতিবাদলৈ কাণসাৰ নকৰি পুঁজিপতি-বণিয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে ব্যাপক হাৰত বিভিন্ন ৰাজহুৱা উদ্যোগ-প্ৰতিষ্ঠান ব্যক্তিগতখণ্ডৰ হাতত গতাই দিছে, অসমৰ সম্পদ লুন্ঠন কৰিবলৈ বহিৰাগত বণিয়াক সুবিধা কৰি দিছে৷

ই অসমৰ বাবে শুভ নহয়৷ আমি সেয়ে চৰকাৰৰ এনে কাম-কাজৰ বিৰোধ কৰিছো৷

এফালে চৰকাৰ-প্ৰশাসনে ‘লকডাউন’ৰ মাজতেই আমচাং বনাঞ্চল বা তাৰ আশে-পাশে বসবাস কৰা থলুৱা লোকসকলক উচ্ছেদ কৰাৰ নিৰ্দেশ দিছে আৰু আনফালে দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰিছে৷

তাৰ মানে অসমৰ থলুৱা মানুহৰ বসতিয়ে বনাঞ্চল ধ্বংস কৰে, কিন্তু কয়লা খননে প্ৰকৃতি সুৰক্ষিত কৰি ৰাখে?

পৰিৱেশ বিজ্ঞানৰ সাধাৰণ জ্ঞানখিনি থকা মানুহ মাত্ৰেই ইয়াৰ উত্তৰ জানে৷ সেয়ে আমি অসমৰ সকলো বাসিন্দাক চৰকাৰ-প্ৰশাসনৰ হঠকাৰী নীতিৰ বিৰোধ কৰিবলৈ আহ্বান জনাইছো৷ লগতে দিহিং পাটকাই বৰ্ষাৰণ্য বা তেনে কোনো বনাঞ্চলত কয়লাখনন বা বৃহৎ উদ্যোগ স্থাপনৰ অনুমতি নিদিবলৈ আমি চৰকাৰক দাবী জনাইছো৷

বোধকৰো মহাত্মা গান্ধীয়ে কৈ গৈছে- “The world has enough for everyone’s need, but not enough for everyone’s greed.” চৰকাৰ, জনসাধাৰণ, পুঁজিপতি-বণিয়া সকলোৱে গান্ধীজীৰ এই কথাষাৰ অনুধাৱন কৰা উচিত৷ অন্যথা আমাৰ প্ৰলোভনে এদিন আমাৰ অস্তিত্বলৈ বিপদ মাতিব৷

এসময়ত এই পৃথিৱীত ৰাজত্ব কৰা ডাইন’চৰৰ দৰে প্ৰভাৱশালী জীৱ-প্ৰজাতিও বিলুপ্ত হৈ গৈছে৷ পৃথিৱীৰ বৰ্তমানৰ পৰিস্থিতিতন্ত্ৰটো (যিটো মানুহৰ বসবাসৰ বাবে অনুকূল) সুস্থিৰ হৈ নাথাকিলে এদিন হয়তো মানৱ জাতিও এই পৃথিৱীৰ পৰা বিলুপ্ত হৈ যাব! সেয়ে আহক, আমি সকলোৱে মিলি এই পৰিস্থিতিতন্ত্ৰটো সুৰক্ষিত কৰি ৰাখো৷

— — — — — — — — —

১) ডঃ কৌশিক তালুকদাৰ, মাৰবুৰ্গ বিশ্ববিদ্যালয়, জাৰ্মানী

২) ডঃ বিপুলডেকা, দক্ষিণ কোৰিয়া

৩) ডঃ নমিতা শৰ্মা, দক্ষিণ কোৰিয়া

৪) ডঃ পাৰ্থজ্যোতি দাস, আমেৰিকা যুক্তৰাষ্ট্ৰ

৫) মৃণালজ্যোতি মহন্ত, নৰ্থ কেৰ’লিনা ষ্টেট ইউনিভাৰ্চিটি, আমেৰিকা যুক্তৰাষ্ট্ৰ

৬) তন্ময়ী ৰাণী নেওগ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, নতুন দিল্লী

৭) প্ৰিয়দৰ্শিকা মেধি, স্নাতকোত্তৰ সমাজতত্ব, কটন বিশ্ববিদ্যালয়

৮) জাহ্নু ভৰদ্বাজ, আই আই টি গান্ধীনগৰ, গুজৰাট

৯) অশ্বিনী ফুকন, কটন বিশ্ববিদ্যালয়

১০) অংকুৰ ৰঞ্জন ফুকন, স্নাতকোত্তৰ ৰাজনীতি বিজ্ঞান, সমাজতত্ত্ব, কটন বিশ্ববিদ্যালয়

১১) ইন্দ্ৰনীল গায়ন, নগাওঁ

১২) দীপ্তি কুৰ্মী, তিনিচুকীয়া

১৩) জিন্তু ঠাকুৰীয়া, কটন বিশ্ববিদ্যালয়

১৪) প্ৰিয়ংকা চক্ৰৱৰ্তী, গুৱাহাটী বিশ্ববিদ্যালয়

১৫) সিদ্ধেশ্বৰ দাস, গুৱাহাটী

১৬) ৰীমা বৰা, বিশ্বনাথ

১৭) বিজু বৰা, বিশ্বনাথ

১৮) কৌশিক ৰাজ হাজৰিকা, গুৱাহাটী

১৯) নন্দিতা ফুকন, চাবুৱা

২০) ঈপ্সিতা প্ৰিয়ম পূজাৰী, গহপুৰ

২১) চয়নিকা চাংমাই, গুৱাহাটী বিশ্ববিদ্যালয়

২২) উদয় বৰুৱা, গুৱাহাটী

২৩) অজয় দাস, ডিব্ৰুগড়

২৪) মনালিছা ফুকন ৰয়, চিৰাং

২৫) মাৰ্চি হাজৰিকা, সহকাৰী অধ্যাপক, চছিয়েল ৱৰ্ক, এম এছ এছ ভি

২৬) গৌৰৱ বিকাশ ভূঞা, গুৱাহাটী বিশ্ববিদ্যালয়

২৭) অঞ্জন জ্যোতি ডেকা, গুৱাহাটী

২৮) অনিন্দিতা বাৎসায়ণ, শিক্ষক, চেপন মহাবিদ্যালয়

২৯) অভিলাষ কৌশিক, দেৰগাওঁ

৩০) বেদ প্ৰকাশ দত্ত, গুৱাহাটী

৩১) দিব্য দত্ত, মৰাণ, ডিব্ৰুগড়

৩২) ৰূপম বৰুৱা, স্নাতকোত্তৰ, সমাজতত্ব, কটন বিশ্ববিদ্যালয়

৩৩) অনামিকা বড়া, শিক্ষা স্নাতক, ডিব্ৰগড় বিশ্ববিদ্যালয়

৩৪) প্ৰণামিকা গগৈ, গুৱাহাটী বিশ্ববিদ্যালয়

৩৫) ভাস্বতী শৰ্মা, নলবাৰী

৩৬) অনন্যা কাশ্যপ, নলবাৰী

৩৭) হিমাংক কাকতি, কটন বিশ্ববিদ্যালয়

৩৮) পঞ্চানন হাজৰিকা, গৱেষক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৩৯) অজিতাভ হাজৰিকা, তেজপুৰ বিশ্ববিদ্যালয়

৪০) বিশ্বজিৎ বৈশ্য, গুৱাহাটী বিশ্ববিদ্যালয়

৪১) নিৰঞ্জন শইকীয়া, দৰং

৪২) চিৰঞ্জীৱ গগৈ, সহকাৰী প্ৰবক্তা, ভূতত্ব বিভাগ, ডিব্ৰু কলেজ, ডিব্ৰুগড়

৪৩) চামছুল হুদা পাটগিৰি, ফটো সাংবাদিক, গুৱাহাটী

৪৪) অমৰজ্যোতি বৰা, গৱেষক ছাত্ৰ, প্ৰায়োগিক ভূ-তত্ব বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৪৫) ৰেকিবুল হক, নলবাৰী

৪৬) সঞ্জীত কুমাৰ বৰদলৈ, নিৱন্ধকাৰ, স্তম্ভ লেখক

৪৭) সৃষ্টি শ্ৰেয়ম, যোৰহাট, অসম

৪৮) কৰিশ্মা তালুকদাৰ, পূৱ-কামৰূপ মহাবিদ্যালয়, কামৰূপ, অসম

৪৯) অনন্যা বৰা, যোৰহাট

৫০) ৰেখাৰাণী দেৱী ,সহযোগী অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়

৫১) অন্তৰা শইকীয়া, যোৰহাট

৫২) ডঃ সঞ্জীৱ চাহু, ইংৰাজী বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়

৫৩) পৰীক্ষিত শৰ্মা, গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়

৫৪) সিদ্ধান্ত মেধি, গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়

৫৫) বৰ্ণিল জোনাক ফুকন, গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়

৫৬) প্ৰিয়াংকু হাজৰিকা, গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়

৫৭) তুলিকা গগৈ, গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়

৫৮) অক্ষৰিকা পৰাশৰ, গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়

৫৯) স্মৰণিকা চক্ৰৱৰ্তী, তেজপুৰ বিশ্ববিদ্যালয়

৬০) নিৰ্মালি শ‌ইকীয়া, তেজপুৰ বিশ্ববিদ্যালয়

৬১) কুশমিতা দেৱী, NERIE শ্বিলং

৬২) মাধুৰ্য গোস্বামী, তেজপুৰ বিশ্ববিদ্যালয়

৬৩) পাপৰি হালৈ, তেজপুৰ বিশ্ববিদ্যালয়

৬৪) কাকলি দাস, ভাৰতীয় অভিযান্ত্ৰিক প্ৰতিষ্ঠান গুৱাহাটী

৬৫) গুণকান্ত ঘোঁৰাচোৱা, তেজপুৰ বিশ্ববিদ্যালয়

৬৬) প্ৰেৰণা দলে, তেজপুৰ বিশ্ববিদ্যালয়

৬৭) জয়শ্ৰী পাঠক, তেজপুৰ বিশ্ববিদ্যালয়

৬৮) ডাঃ কৃষ্ণা নাথ, মাজুলী

৬৯) জলী শ‌ইকীয়া, মৰিয়নি

৭০) মৃদুপৱন পৰাশৰ, গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়

৭১) আকাশদ্বীপ ডেকা, তেজপুৰ বিশ্ববিদ্যালয়

৭২) আমান্দা ইন্দ্ৰানী য়েইন, তেজপুৰ বিশ্ববিদ্যালয়

৭৩) অনিন্দিতা হাজৰিকা, মাজুলী মহাবিদ্যালয়

৭৪) ঐশ্বৰ্য বৰুৱা, তেজপুৰ বিশ্ববিদ্যালয়

৭৫) কংকণ বৰা, ধলাইবিল

৭৬) দৃষ্টি গগৈ, তেজপুৰ বিশ্ববিদ্যালয়

৭৮) সুৰভি ঘোষ, তেজপুৰ বিশ্ববিদ্যালয়

৭৯) ৰশ্মি সোণোৱাল, NERIE শ্বিলং

৮০) প্ৰতীক্ষা দুৱৰা, নতুন দিল্লী

৮১) অংকণা শ‌ইকীয়া, গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়

৮২) পার্থ সাৰথি বৰুৱা, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৮৩) অঞ্জন ফুকন, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৮৪) প্লাবিতা বৰদলৈ, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৮৫) মনালিছা দেৱী, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৮৬) ৰাজৰ্ষি লইং, বোকাখাট

৮৭) চন্দন চাহু, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৮৮) নৱনীতা বৰা, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৮৯) ভাগ্যশ্ৰী কটকী, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৯০) ৰিম্পী ফুকন, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৯১) মৃণাল গগৈ, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৯২) প্ৰীতিৰূপা শইকীয়া, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৯৩) পূজা শইকীয়া, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৯৪) ৰবি যাদৱ, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৯৫) জয়শ্ৰী দাস, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৯৬) পম্পী শইকীয়া, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৯৭) ডিম্পী আৰান্ধৰা, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৯৮) অক্ষয়জ্যোতি মহন্ত, যোৰহাট

৯৯) তনুশ্ৰী বৰা, গুৱাহাটী বিশ্ববিদ্যালয়

১০০) কৃষ্ণ কলিতা, নলবাৰী

১০১) সুপ্ৰকাশ দাস, বাক্সা

১০২) পল্লৱী গোস্বামী, গৱেষক, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, ইটানগৰ

১০৩) গীতাৰ্থী ঠাকুৰ (শিক্ষক) দেৰগাওঁ

১০৪) মৈত্ৰেয়ী পাটৰ, গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়

১০৫) বিশালাক্ষী সাবৰ্ণী, গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়

১০৬) শ্ৰেয়া চেতিয়া, গৱেষক, EFLU শ্বিলং

১০৭) মৃণ্ময়ী তালুকদাৰ, তেজপুৰ বিশ্ববিদ্যালয়

১০৮) মানস প্ৰতিম হালৈ, NERIE শ্বিলং

১০৯) ডাঃ মৃদুপৱন ৰাজখোৱা, মাজুলী

১১০) সাগৰিকা শ‌ইকীয়া, তেজপুৰ বিশ্ববিদ্যালয়

১১১) বসন্ত হাজৰিকা, মাজুলী

১১২) অনন্যা বৰুৱা, তেজপুৰ বিশ্ববিদ্যালয়

১১৩) চয়নিকা গগৈ, তেজপুৰ বিশ্ববিদ্যালয়

১১৪) গাৰ্গী গৌতম, তেজপুৰ বিশ্ববিদ্যালয়

১১৫) প্ৰিয়াক্ষী শৰ্মা, তেজপুৰ বিশ্ববিদ্যালয়

১১৬) চুম্পি বৰা, National School of Drama, ত্ৰিপুৰা

১১৭) জুলি দেউঘৰীয়া, বৰহাট

১১৮) কস্তুৰী গগৈ, শিৱসাগৰ

১১৯) চাবিৰা ৱাহিদ, গৱেষক, ক্ৰাইষ্ট য়ুনিভাৰ্চিটি বাংগালোৰ

১২০) মানসীফুকনমহন্ত, অসমবিশ্ববিদ্যালয়

১২১) মনিষা গগৈ,শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

১২২) পিংকি দাস, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

১২৩) বৰ্ণালী গগৈ, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

১২৪) সংগীতা বৰগোহাঁই, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

১২৫) প্ৰণামিকা বৰগোহাঁই, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

১২৬) সম্প্ৰীতি দত্ত, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

১২৭) চিম্পী কচাৰী, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

১২৮) অভিজিৎ বৰুৱা, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

১২৯) দীপ্তি দাস, কামৰূপ

১৩০) কাব্যশ্ৰী হাজৰিকা, শিক্ষা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়

১৩১) কমল শইকীয়া, সহযোগী অধ্যাপক, ড° বিৰিঞ্চি কুমাৰ বৰুৱা কলেজ, পুৰণিগুদাম, নগাঁও

১৩২) নিতুমনি বৰা, কণিষ্ঠ প্ৰৱক্তা, সাই বিকাশ জুনিয়ৰ কলেজ, গুৱাহাটী

১৩৩) নিৰ্মল বড়ো (শিক্ষক), মুকালমুৱা, নলবাৰী

১৩৪) অদিতি গগৈ, যোৰহাট

১৩৫) শান্তি প্ৰিয়া কটকী, শিৱসাগৰ