NORTHEAST NOW (Assamese)
অসম

গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কোৱাৰেণ্টাইন চেন্টাৰৰ পৰা পলায়ন কৰা ত্ৰিপুৰা ৰাইফলছৰ জোৱানৰ মৃতদেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 22, 2020 6:57 pm

কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰা ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ এজন জোৱানৰ মৃতদেহ আজি চিপাহীজিলাৰ তাৰাপডা গাঁৱত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়।

আত্মহত্যা কৰা ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ জোৱান গৰাকীৰ নাম স্বপন ত্ৰিপুৰা বুলি চিনাক্ত কৰা হৈছে।

‘‘কিছুদিন পূৰ্বে তেওঁ বিভাগীয় কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰিছিল আৰু আজি তেওঁৰ মৃতদেহ চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়,’’ চিপাহী জিলাৰ আৰক্ষী বিষয়া কৃষ্ণেন্দু চক্ৰৱৰ্তীক কয়।

‘‘আজি ৰাতিপুৱা মই ৰবৰ গছৰ বাগিচালৈ যোৱাৰ সময়তে এটা উলংগ মৃতদেহ গছত ওলমি থকা প্ৰত্যক্ষ কৰো,’’ এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কয়।

ঘটনাটো প্ৰত্যক্ষদৰ্শীয়ে প্ৰত্যক্ষ কৰাৰ পাছতে স্থানীয় বিশ্ৰমাগঞ্জ আৰক্ষী চকীত খবৰ দিয়ে আৰু খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।