NORTHEAST NOW (Assamese)
Popular Stories

কোভিড-১৯ৰ চিকিৎসালয়লৈ ৰূপান্তৰ মহানগৰীৰ জিলা যক্ষ্মা হাস্পিতাল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 23, 2020 4:07 pm

কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ বাবে আজিৰ পৰা সাজু হৈ উঠিছে মহানগৰীৰ কালাপাহাত থকা জিলা যক্ষ্মা হাস্পিতাল। চিকিৎসালয়খনক সম্পূৰ্ণৰূপে কোভিড-১৯ৰ হাস্পিতাললৈ ৰূপান্তৰ কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইটত যোগে ৰাজ্যবাসীক এই কথা জানিবলৈ দিয়ে।

উক্ত চিকিৎসালয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালৰ অধীনত পৰিচালিত হ’ব।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি আজি সন্ধ্যা ৬ বজাৰ পৰা কোভিড-১৯ৰ চিকিৎসা আৰম্ভ কৰা হ’ব হাস্পাতালখনত।

বিয়লি প্ৰায় ২ বজাত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাৰ সৈতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খন পৰিদৰ্শন কৰে।

২০ গৰাকী চিকিৎসক, ৩০ গৰাকী নাৰ্ছ, ২৫ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ৯ গৰাকী স্বাস্থ্য কৰ্মীয়ে ইতিমধ্যে চিকিৎসালয়খনত যোগদান কৰিছে।

উল্লেখযোগ্য যে, আজিৰ পৰা নতুনকৈ কোভিড-১৯ত আক্ৰান্ত ৰোগীক চিকিৎসা কৰা নহয় মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালত।

অসমত বৰ্তমানলৈকে ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩১৯ জনলৈ বৃদ্ধি পাইছে।