NORTHEAST NOW (Assamese)
Popular Stories

অপ্রতিৰোধ্য ক’ৰ’না; তাৰ মাজতে ৰাজ্যবাসীৰ বাবে সৰুকৈ হ’লেও এটা ভাল খবৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 23, 2020 8:20 pm
Lockdown: More than 40k requests received for intra-state travel by ASTC bus in Assam

ৰাজ্যত যোৱা কিছু দিনৰ পৰা অ-প্রতিৰোধ্য গতিত ক’ৰ’নাৰ সংক্ৰমণ বাঢ়িবলৈ ধৰিছে, দিনে দিনে বৃদ্ধি পাই আছে আক্ৰান্তৰ সংখ্যা।

কিন্তু তাৰ মাজতে সৰুকৈ হ’লেও এটা ভাল খবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যত ক’ৰ’নামুক্ত হৈছে এগৰাকী লোক। তেওঁক কিছু সময় পূৰ্বে মুক্তি দিয়া বুলি টুইটাৰ যোগে জনাইছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।

লোকজনক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালৰ পৰা মুক্তি দিয়া হয় বুলি তেওঁ জনায়।

কেইবাবাৰো কৰা টেষ্টৰ পাছতো লোকজনৰ নিগেটিভ অহাতহে তেওঁক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয় বুলি মন্ত্ৰী শৰ্মাই উল্লেখ কৰে।

অৱশ্যে মুক্তি দিয়া লোকজনৰ পৰিচয় প্ৰকাশ কৰা নাই স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

এটা কথা উল্লেখ কৰিব পাৰি যে লোকজনক মুক্তি দিয়াৰ পাছত বৰ্তমান ১১১ গৰাকী কোভিড-১৯ আক্ৰান্ত চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে।

ইপিনে, ২৬৭জনলৈ হ্ৰাস পালে চিকিৎসাধীন হৈ থকা ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

উল্লেখযোগ্য যে, আজিৰ দিনটোত ৭০ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পৰিছে তথা বৰ্তমানলৈকে সমগ্ৰ ৰাজ্যত ৩২৯ গৰাকী লোক এই ভাইৰাছৰ কৱলত পৰিছে।

তাৰ মাজতে এজনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া খবৰে কিছু পৰিমাণে হ’লেও সুখৰ বতৰা কঢ়িয়াই আনিছে।