NORTHEAST NOW (Assamese)
অসম

বোকাৰ পদুম শিল্পী দূৰ্গ বায়েন; ৯০ দশকৰ পৰাই টোকাৰী গীতৰ একান্ত সাধনাত ব্ৰতী অনাতাঁৰ শিল্পী

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 24, 2020 9:24 am
Screenshot_2020-05-23-15-43-02_1

সচৰাচৰৰ দৰে ছ’চিয়েল মিডিয়াত ভাইৰেল নোহোৱা যোৰহাট জিলাৰ টীয়কৰ এগৰাকী শিল্পী তেওঁ।

টোকাৰী গীতৰ মূৰ্ছনাৰে সৰ্বসাধাৰণৰ বুকুত মচিব নোৱাৰা সাঁচ বহুৱাবলৈ সক্ষম হোৱা দূৰ্গ বায়েন হিচাপে পৰিচিত এই অনাতাঁৰ শিল্পীগৰাকীৰ প্ৰকৃত নাম দূৰ্গেশ্বৰ শইকীয়া।

টীয়কৰ শিমলুগুৰি মৌজাৰ ঘোঁৰাচোৱা গাঁৱত তেওঁৰ ঘৰ।

উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত বিভিন্নজনে নিজৰ নিজৰ সৃষ্টি, প্ৰতিভা ছ’চিয়েল মিডিয়াৰ যোগেদি প্ৰচাৰ চলাইছে।

কিন্তু প্ৰচাৰ বিমুখ এই গৰাকী অনাতাঁৰ শিল্পী দূৰ্গেশ্বৰ শইকীয়া ছ’চিয়েল মিডিয়াৰ পৰা বহু যোজন আঁতৰত।

কিশোৰ কালৰ পৰা টোকাৰী গীতৰ চৰ্চা কৰি অনাতাঁৰ শিল্পী হিচাপে ১৯৯০ চনতে স্বীকৃতি লাভ কৰা দূৰ্গেশ্বৰ শইকীয়াই যোৰহাট আৰু ডিব্ৰুগড় ৰেডিঅ’ চেন্টাৰত বৰ্তমানলৈকে একুৰিতকৈও অধিক টোকাৰী গীত পৰিবেশন কৰিছে।

পুৱা ভক্তিগীত অনুষ্ঠানত এতিয়াও শুনিবলৈ পোৱা যায় শিল্পী গৰাকীৰ টোকাৰী গীত। আৰ্থিক অনাটনৰ বাবে এই গৰাকী শিল্পীয়ে গৰু-মহ পোহপাল কৰি জীৱিকা নিৰ্বাহ কৰে।

সমগ্ৰ অঞ্চলত দূৰ্গ বায়েন হিচাপে পৰিচিত শিল্পী গৰাকীয়ে মিচিং,নেপালী আদি স্থানীয় জাতি জনগোষ্ঠীৰ মাজত মহাপুৰুষীয়া ভাওঁনাৰ প্ৰচাৰ আৰু প্ৰসাৰত আহোপুৰুষাৰ্থ কৰি আহিছে।

এগৰাকী প্ৰকৃতি প্ৰেমী হিচাপেও পৰিচিত শিল্পী দূৰ্গেশ্বৰ শইকীয়া।শিল্পী দূৰ্গেশ্বৰ শইকীয়াৰ শুভাকাঙ্খীসকলে তেওঁৰ উত্তৰোত্তৰ কামনা কৰিছে।