NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ ভেকচিন: এইবাৰ থাইলেণ্ডে জগাইছে আশা, এন্দুৰৰ ওপৰত চলোবা পৰীক্ষাত সফলতা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 24, 2020 12:02 pm
IMG-20200519-WA0048-4-655x375

কৰ’নাৰ সংহাৰৰ মাজতে বিশ্বৰ বিভিন্ন দেশে ইয়াৰ ভেকচিনৰ সন্ধানত ব্যস্ত হৈ পৰিছে। ইয়াৰ মাজতে এইবাৰ থাইলেণ্ডে ভেকচিনৰ ক্ষেত্ৰত কিছু আশা জগাই তুলিছে।

থাইলেণ্ডে ভেকচিনৰ পৰীক্ষাৰ দ্বিতীয় পৰ্যায়লৈ আগবাঢ়িছে।

বাতৰি অনুসৰি, থাইলেণ্ডৰ এই গৱেষণাই প্ৰাথমিক সফলতা লাভ কৰিছে আৰু এন্দুৰৰ ওপৰত চলোৱা পৰীক্ষাত যোগাত্মক প্ৰভাৱ দেখা গৈছে।

এতিয়া শনিবাৰৰ পৰা বান্দৰৰ ওপৰত এই ভেকচিনৰ পৰীক্ষা চলোৱাৰ কাম আৰম্ভ কৰা হৈছে।

থাইলেণ্ডে দাবী কৰা মতে অহা ছয়-সাত মাহৰ ভিতৰত কৰ’নাৰ ভেকচিন প্ৰস্তুত হৈ উঠিব পাৰে।

অহা ছেপ্টেম্বৰলৈকে গৱেষনাৰ ফলাফল লাভ কৰাৰ আশা ব্যক্ত কৰা হৈছে।

থাইলেণ্ড চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰিছে যে ভেকচিনৰ এন্দুৰৰ ওপৰত চলোৱা পৰীক্ষাত ইতিবাচক ফলাফল লাভ কৰিছে।

অহা সপ্তাহত এই ভেকচিন বান্দৰৰ ওপৰত পৰীক্ষা কৰি চোৱা হ’ব। সেইদৰে অহা বছৰ মানব দেহত এই ভেকচিন ব্যৱহাৰ কৰাৰ সম্ভাৱনাৰ কথাও তেওঁ ব্যক্ত কৰে।

থাইলেণ্ডৰ এই ভেকচিন প্ৰস্তুত কৰাৰ বাবে থাইলেণ্ডৰ ৰাষ্ট্ৰীয় ভেকচিন প্ৰতিষ্ঠান, চিকিৎসা বিজ্ঞান বিভাগ আৰু চুললোংকোৰ্ণ বিশ্ববিদ্যালয়ৰ ভেকচিন অনুসন্ধান কেন্দ্ৰই সন্মিলিতভাৱে প্ৰয়াস চলাইছে।

বিশ্বৰ প্ৰায় ১০০খন দেশে কৰ’না ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ কামত প্ৰচেষ্টা চলাই আছে।

এইক্ষেত্ৰত শেহতীয়াকৈ বহুখিনি সফলতা লাভ কৰাৰ কথা যোৱা শুকুৰবাৰে সদৰী কৰিছিল অক্সফ’ৰ্ড য়ুনিভাৰ্ছিটিয়ে।