NORTHEAST NOW (Assamese)
অসম

তেলেংগানা বিধানসভায়ো প্ৰস্তাৱ ল’ব CAA-ৰ বিৰোধিতা কৰি; দেশৰ আঞ্চলিক দলবোৰৰ বৈঠক পতাৰ সিদ্ধান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 26, 2020 8:54 pm
K Chandrasekhar Rao

বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনৰ ক্ষেত্ৰত কেৰালা, পাঞ্জাব আৰু ৰাজস্থানৰ পদাংক অনুকৰণ কৰিবলৈ ওলাইছে তেলেংগানাই।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাৱে সংবাদ মাধ্যমৰ আগত কৈছে যে ৰাজ্যখনৰ বিধানসভাই নাগৰিকত্ব (সংশোধন) আইনখনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে।

তেওঁ কয় যে তেওঁ এই সন্দৰ্ভত আন ৰাজ্যবোৰৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে কথা পাতিছে আৰু CAA-ৰ বিৰোধ কৰিবলৈ আঞ্চলিক দলবোৰ আৰু মুখ্য মন্ত্ৰীসকলৰ এখন বৈঠক আয়োজন কৰিব পাৰে।

আইনখন দেশৰ ভৱিষ্যতৰ সৈতে জড়িত হৈ আছে বুলিও তেওঁ মন্তব্য কৰে।

শাসক দল তেলেংগানা ৰাষ্ট্ৰ সমিতি এটা ধৰ্ম নিৰপেক্ষ দল বুলি কৈ তেওঁ কয় যে দলটোৱে সংসদত আইনখনৰ বিৰুদ্ধে ভোটদান কৰিছিল।

“মই এই সন্দৰ্ভত বহুকেইজন মুখ্য মন্ত্ৰীৰ সৈতে কথা পাতিছো। আন আন দলবোৰৰ সৈতেও কথা পাতিছো। খুব সম্ভৱ অহা মাহত হাইদৰাবাদত মই আঞ্চলিক দলবোৰ আৰু মুখ্য মন্ত্ৰীসকলৰ এখন বৈঠক আয়োজন কৰিব পাৰো।“ মুখ্য মন্ত্ৰীজনে কয়।

চন্দ্ৰশ্বেখৰে কেন্দ্ৰৰ সিদ্ধান্তক ভুল আখ্যা দি কয়, সংবিধানে সকলো মানুহক ধৰ্ম, জাতি আৰু বৰ্ণ নিৰ্বিশেষে মৌলিক অধিকাৰবোৰ প্ৰদান কৰিছে।

ইয়াৰ পূৰ্বে কেৰালা, পাঞ্জাব আৰু ৰাজস্থান বিধানসভাই আইনখনৰ বিৰুদ্ধে প্ৰস্তাৱ লৈছিল।