NORTHEAST NOW (Assamese)
অসম

১০০ ৱাটৰ বাল্ব ব্যৱহাৰ কৰাৰ বাবে ভাড়াতীয়াক হত্যা! ভাড়াঘৰৰ মালিকক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 25, 2020 8:28 am
Death_Picture_EPS-750x375

এটা ১০০ ৱাটৰ বাল্বক লৈ দুজনৰ মাজত হোৱা বাক-বিতণ্ডাৰ পাছত ভাড়াতীয়াক হত্যা কৰাৰ অভিযোগত এজন ভাড়াঘৰৰ মালিকক(৩৮) গ্ৰেপ্তাৰ কৰা হৈছে।

দেওবাৰে দিল্লী আৰক্ষীয়ে এই কথা জানিবলৈ দিছে।

উত্তৰ-পূব দিল্লীৰ হৰ্ষ বিহাৰত শুকুৰবাৰে সংঘটিত হৈছিল এই ঘটনা।

বাতৰি অনুসৰি, নিহত ব্যক্তিজনক এজন ই-ৰিক্সাচালক জগদীশ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জগদীশে তেওঁৰ পত্নী আৰু এগৰাকী আঠ বছৰীয়া কন্যাক লৈ ঘৰটোৰ প্ৰথম মহলাত বাস কৰিছিল।

আনহাতে, ঘৰটোৰ গ্ৰাউণ্ড ফ্ল’ৰত ভাড়াঘৰটোৰ মালিক অমিতে তেওঁৰ পৰিয়ালৰ সৈতে বাস কৰিছিল।

আৰক্ষীয়ে জনায় যে  জগদীশৰ পত্নীয়ে পাকঘৰত কাম কৰি থকাৰ সময়তে ভাড়াঘৰৰ মালিক পুৱা ৭-৪৫বজাত তেওঁলোকৰ ঘৰলৈ আহিছিল।

তেওঁ আহিয়েই অধিক ইলেকট্ৰিচিটি ব্যয় হোৱা এটা ১০০ৱাটৰ বাল্ব ব্যৱহাৰ কৰাক লৈ আপত্তি দৰ্শাইছিল।

তেওঁ তাৰ ঠাইত এটা LED বাল্ব লগাই দিয়াৰ পাছতে জগদীশ আৰু অমিতৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়।

ভাড়াঘৰৰ মালিকে জগদীশক দুটা ঘোচা মৰাৰ পাছত তেওঁ অচেতন হৈ মজিয়াত বাগৰি পৰে।

তেওঁৰ পত্নীয়ে আত্মীয়ৰ সহায়ত তেওঁক হাস্পাতললৈ লৈ যায় যদিও হাস্পাতলত চিকিৎসাধীন অৱস্থাতে জগদীশৰ মৃত্যু হয়।

জগদীশে বাহিৰত কোনো আঘাত পোৱা নাছিল যদিও তেওঁ মূৰৰ ভিতৰত আঘাত পোৱাৰ লগতে ৰক্তপাত হোৱাৰ কথা মৰণোত্তৰ পৰীক্ষাত চিকিৎসকে জানিব পাৰে।

জগদীশৰ পত্নীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি ভাড়াঘৰৰ মালিকক গ্ৰেপ্তাৰ কৰা হৈছে।