NORTHEAST NOW (Assamese)
Popular Stories

‎ হঠাৎ আৰক্ষী থানাত শচীন তেণ্ডুলকাৰ : কিন্তু কিয়?‎

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 13, 2023 4:43 pm

ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে শনিবাৰে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাত উপস্থিত হৈ তেওঁৰ সন্মতি অবিহনে তেওঁৰ নাম, ফটো আৰু কণ্ঠ ব্যৱহাৰ কৰি প্ৰচাৰ কৰা ভুৱা বিজ্ঞাপনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

এটা মেডিচিন কোম্পানীৰ অনলাইন বিজ্ঞাপনত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ নাম, তেওঁৰ ফটো আৰু কণ্ঠ ব্যৱহাৰ কৰি কোম্পানীটোৰ ঔষধসমূহৰ প্ৰচাৰ চলোৱা হৈছে। শচীন তেণ্ডুলকাৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি গোচৰৰ তদন্ত আৰম্ভ কৰিছে।

শচীনে সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকা এখন ছবি শ্বেয়াৰ কৰি সংবাদ প্ৰতিষ্ঠান এএনআইয়ে লিখিছে, “প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে তেওঁৰ নাম, ফটো আৰু কণ্ঠক ইণ্টাৰনেটত ‘ভুৱা বিজ্ঞাপন’ত ব্যৱহাৰ কৰি মানুহক প্ৰতাৰণা কৰাৰ বাবে মুম্বাই ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰে। আইপিচিৰ ৪২৬, ৪৬৫ আৰু ৫০০ ধাৰাত অচিনাক্ত লোকৰ বিৰুদ্ধে মুম্বাই আৰক্ষী চাইবাৰ চেলে গোচৰ ৰুজু কৰে।”

ইয়াৰ পূৰ্বে শচীন তেণ্ডুলকাৰেও শচীন তেণ্ডুলকাৰ ফাউণ্ডেশ্যনৰ পৰিচালনা দলৰ জৰিয়তে এক বিবৃতি প্ৰকাশ কৰিছিল।

বিবৃতিটো শ্বেয়াৰ কৰি শচীন টেণ্ডুলকাৰে লিখিছে, “বিশ্বাসযোগ্য সামগ্ৰী অতি প্ৰয়োজনীয়। কিন্তু এইদৰে ভূৱা বিজ্ঞাপনেৰে বেয়া সামগ্ৰী বিক্ৰী কৰাটো ৰাইজৰ বাবে ক্ষতিকাৰক। আহক এটা সুস্থ অনলাইন পৰিৱেশন গঢ়ি তোলো।”