NORTHEAST NOW (Assamese)
Popular Stories

বিমান যাত্ৰাৰ অন্তত কোৱাৰেন্টাইনত নাথাকিল কেন্দ্ৰীয় মন্ত্ৰী সদানন্দ গৌড়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 26, 2020 12:21 pm
D-V-Sadananda-Gowda-750x375

কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ দপ্তৰৰ মন্ত্ৰী ডি ভি সদানন্দ গৌড়া ৰাজধানী দিল্লীৰ পৰা বিমানেৰে আহি বাংগালুৰুত নামি কোৱাৰেন্টাইনত থাকিবলৈ অস্বীকাৰ কৰে।

কেন্দ্ৰী মন্ত্ৰীগৰাকীয়ে দেশৰ ছখন ক’ৰ’না হটস্পট ঠাই ভ্ৰমণ কৰি সোমবাৰে দিল্লীৰ পৰা বিমানেৰে বাংগালুৰুত উপস্থিত হয়।

সূত্ৰৰ মতে, মন্ত্ৰী হোৱাৰ বাবেই নিজকে ইয়াৰ পৰা দায়মুক্ত বুলি তেওঁ দাবী কৰে।

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৌড়াৰ মতে তেওঁৰ বৰ্তমানৰ মন্ত্ৰালয় অত্যাৱশকীয় সেৱাৰ অধীনৰ হোৱাৰ বাবে তেওঁ কোৱাৰেন্টাইনৰ পৰা ৰেহাই পাইছে।

‘মই কোনো বেচৰকাৰী বিমান বা চাৰ্টাৰ্ড ফ্লাইট ব্যৱহাৰ কৰি ৰাজকোষৰ ধন ব্যয় কৰিব বিচৰা নাই, সেয়ে মই আজি সাধাৰণ বিমানত আহিছো। সাৰ মন্ত্ৰী হিচাপে মোক কোৱাৰেন্টাইনৰ পৰা অব্যাহতি দিয়া হৈছে।’ কেন্দ্ৰীয় মন্ত্ৰী গৌড়াই কয়।

উল্লেখ্য যে, দিল্লীৰ পৰা মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, তামিলনাডু, ৰাজস্থান, মহাৰাষ্ট্ৰ, গুজৰাট আৰু তামিলনাডু হৈ এখন ঘৰুৱা বিমানেৰে কৰ্ণাটকত নমাৰ পিছত প্ৰট’ক’ল অনুসৰি সকলো যাত্ৰীৰ দৰে মন্ত্ৰী গৌড়াই নিজকে সাতদিনৰ বাবে কোৱাৰেন্টাইন কৰাটো বাধ্যতামূলক আছিল।

কোভিড১৯ৰ প্ৰট’ক’ল ভঙ্গ কৰা বুলি কৈ কংগ্ৰেছে অভিযোগ কৰে যে কৰ্ণাটক ৰাজ্য চৰকাৰৰ স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আন্তঃৰাজ্যিক বিমান যাত্ৰীৰ বাবে কোৱাৰেন্টাইনৰ নিয়ম সংশোধন কৰি মন্ত্ৰী আৰু কৰ্তব্যৰত বিষয়াক ইয়াৰ পৰা ৰেহাই দিছে।

উল্লেখ্য যে ল’কডাউন আৰম্ভ হোৱাৰ পূৰ্বে গৌড়া বাংগালুৰুৰ বাহিৰত আছিল।

গৌড়াই নিজ গৃহত উপস্থিত হোৱাৰ পিছতেই নিৰ্বাচিত জনপ্ৰতিনিধিৰ সৈতে কোভিড১৯ সম্পৰ্কীয় এক বৈঠকত অংশগ্ৰহণ কৰিবলৈ উলায় যায়।