NORTHEAST NOW (Assamese)
অসম

প্ৰথমটো বানে সৰ্বস্বান্ত কৰিলে গোৱালপাৰাৰ কেইবা শতাধিক কৃষকক

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা May 27, 2020 7:40 am

এটাৰ পিছত আন এটা বিপদে লগ নেৰা হে জীৱ শ্ৰেষ্ঠ মানৱক। ক’ৰ’না, ধুমুহাৰ পিছত এইবাৰ বানপানীয়ে সৰ্বস্বান্ত কৰিলে গোৱালপাৰাৰ ৰাইজক।

বিশেষকৈ বানপানীয়ে এইবাৰ জুৰুলা কৰিলে জিলাখনৰ কৃষক ৰাইজক। দুই এঠাইত বানপানী সামান্য পৰিমানে কমিছে যদিও এতিয়াও হাজাৰ হাজাৰ বিঘা খেতি পথাৰ পানীৰ তলত৷

গোৱালপাৰা জিলাৰ ফফংগা গাঁও পঞ্চায়তৰ খলিছামাৰীৰ কৃষকে মূৰে কঁপালে হাত দিবলগীয়া হৈছে। পানীৰ তলত পকা ধানে গজালি মেলিছে।

প্ৰায় নব্বৈ শতাংশ কৃষকে বসবাস কৰা খলিছামাৰীত এই বেলিও কৃষক সকলে ৬/৭ হেজাৰ বিঘা মাটিত বৰোধানৰ খেতি কৰিছিল। ধান পকি পানীৰ তলতে গজালি মেলিছে কিন্তু চপাই অনাৰ কোনো উপায় উলিয়াব পৰা নাই৷

পথাৰৰ পৰা এমুঠিমান ধান ঘৰলৈ আনিব নোৱাৰাত হতাশ হৈ পৰিছে অঞ্চলটোৰ কেইবা শতাধিক কৃষক।

ভৰ বাৰিষাৰ পূৰ্বে অহা প্ৰথমটো বানে বিস্তৰ ক্ষতি কৰা এইসকল কৃষকৰ খবৰ ল’বলৈ জিলা প্ৰশাসন কিম্বা কৃষি বিভাগৰ কোনো লোক অহা পৰিলক্ষিত হোৱা নাই।

ক্ষতিগ্ৰস্ত কৃষকসকলক চৰকাৰ-প্ৰশাসনে সময় মতে সহায় নকৰিলে খেতিয়ক সকলৰ সন্মুখত আত্মহত্যাৰ বাহিৰে আন কোনো পথ নাই বুলি একাংশ কৃষকে মতপোষণ কৰে ৷