NORTHEAST NOW (Assamese)
অসম

প্ৰব্ৰজিত শ্ৰমিকৰ সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিলে বলিউদৰ অভিনেতা চনু চুডে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2020 12:09 pm

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকলৰ প্ৰতি সহায় অব্যাহত ৰাখিছে বলিউদৰ অভিনেতা চনু চুডে।

ল’কডাউনৰ বাবে বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকলক নিজৰ গৃহ ৰাজ্যলৈ যোৱাত সহায় কৰাৰ বাবে অভিনেতা গৰাকীয়ে দুটা হেল্প লাইন নম্বৰ মুকলি কৰিছে।

অভিনেতা চনু চুডে ১৮০০১২১৩৭১১ আৰু ৯৩২১৪৭২১১৮ এই দুটা হেল্প লাইন নম্বৰ প্ৰব্ৰজিত শ্ৰমিক সকলৰ বাবে মুকলি কৰি দিছে।

‘‘মই প্ৰতিদিনে সহস্ৰাধিক ফোন কল লাভ কৰিছো….মোৰ পৰিয়াল আৰু বন্ধু বৰ্গই শ্ৰমিক সকলৰ তথ্য সংগ্ৰহ কৰাত ব্যস্ত হৈ আছে…আৰু আমি হেল্প লাইন নম্বৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো,’’ অভিনেতা গৰাকীয়ে কয়।

‘’আমাৰ এটা বদ্ধপৰিকৰ দল আছে আৰু আমি যিমান পাৰো জনসাধাৰণক সেৱা কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি লৈছো,’’ চনুই লগতে কয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও অভিনেতা গৰাকীয়ে বহু প্ৰব্ৰজিত শ্ৰমিকক নিজৰ ঘৰত উপস্থিত হোৱাৰ বাবে বাছৰ ব্যৱস্থা কৰি দিছিল।

বৰ্তমান সময়তো অভিনেতা গৰাকীয়ে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে প্ৰব্ৰজিত শ্ৰমিক সকলক সহায়ৰ বাবে সকলো প্ৰকাৰৰ পদক্ষেপ গ্ৰহণ কৰিছে।

বলিউদৰ অভিনেতা অক্ষয় কুমাৰকো ধৰি দেশৰ বহু ৰাজনৈতিক নেতাই অভিনেতা গৰাকীৰ পদক্ষেপৰ শলাগ লৈছে।