NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ভাৰত বিশ্বৰ বাবে সমস্যাস্বৰূপ হৈ পৰিব বুলি বহু লোকে ভয় খাইছিল : জনসাধাৰণলৈ লিখা পত্ৰত প্ৰধান মন্ত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 30, 2020 2:08 pm

দেশত ক’ৰ’নাৰ সংক্ৰমণৰ সময়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণলৈ এখন পত্ৰ লিখে।

পত্ৰখনত প্ৰধান মন্ত্ৰীয়ে বহু লোকে ভাৰতত ক’ৰ’নাৰ সংক্ৰমণৰ পাছত ভাৰত বিশ্বৰ বাবে সমস্যাস্বৰূপ হৈ পৰিব বুলি ভয় খাইছিল বুলি উল্লেখ কৰে।

ভাৰতৰ জনসাধাৰণৰ একতা, দৃঢ়তাই বিশ্বৰ ভাৰতৰ প্ৰতি দৃষ্টি সলনি কৰিবলৈ সক্ষম হ’ল বুলি মোদীয়ে পত্ৰখনত কয়।

ভাৰতীয় জনসাধাৰণৰ আত্মবিশ্বাস আৰু কৰ্মশক্তিয়ে বিশ্বৰ শক্তিশালী দেশৰ তুলনাতো বৰ্তমানলৈ ভাৰতক দৃঢ়স্থানত ৰাখিছে বুলি প্ৰধান মন্ত্ৰীয়ে লগতে কয়।

‘‘ক’ৰ’নাৰ সংক্ৰমণৰ পাছত বহুলোকে ভাৰত বিশ্বৰ বাবে সমস্যা হ’ব গৈ আছে বুলি ভয় খাইছিল কিন্তু আজি ভাৰতীয় জনসাধাৰণৰ আত্মবিশ্বাস আৰু দৃঢ়তাই বিশ্বৰ দৃষ্টিভংগী সলনি কৰিলে,’’ প্ৰধান মন্ত্ৰীয়ে লিখে।

আনহাতে, প্ৰধান মন্ত্ৰী মোদীয়ে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত হৃত অৰ্থনীতি পুনৰুদ্ধাৰৰ ক্ষেত্ৰতো ভাৰতে বিশ্ববাসীৰ আগত এক উদাহৰণ সৃষ্টি কৰিবলৈ সক্ষম হ’ব বুলি মত ব্যক্ত কৰে।

উল্লেখযোগ্য যে, ভাৰতত বৰ্তমান ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে চৰম ৰূপ ধাৰণ কৰিছে। বিগত দুটা দিনত ১৪,০০০ অধিক লোক দেশত ক’ৰ’না সংক্ৰমিত হৈছে।

দেশত বৰ্তমানলৈ ক’ৰ’নাৰ কবলত ৫০০০ অধিক লোকে প্ৰাণ হেৰুৱাইছে।