NORTHEAST NOW (Assamese)
Popular Stories

নলবাৰীৰ মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত ৬জন, উদ্ধাৰ অভিযান অব্যাহত

Posted by: মৃদুল প্ৰীতম ডেকা October 20, 2018 5:08 pm
Mukalmuwa

ৰাজ্যত পুনৰ সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা। নলবাৰী জিলাৰ মুকালমুৱাত এখন বাছ বাগৰি পৰি হোৱা এই দুৰ্ঘটনাত কমেও ৬ গৰাকী লোকৰ মৃত্যু হৈছে। আনহাতে নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, আজি দিনৰ ভাগত গুৱাহাটীৰ পৰা বৰপেটাৰ অভিমুখে গৈ থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ এখন বাছ মুকালমুৱাৰ সমীপৰ আদাবাৰীত এটা দ’ খাৱৈত বাগৰি পৰাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাগ্ৰস্ত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছখনৰ নম্বৰ হৈছে এ এছ ২০-১৪২২। বাছখনত সেই সময়ত প্ৰায় ৩০ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত ৩ গৰাকী লোকে থিতাতে মৃত্যু হোৱাৰ লগতে প্ৰায় ২০ গৰাকী লোক আহত হৈছে।

আহতসকলক মুকালমুৱা চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে উদ্ধাৰ অভিযান এতিয়াও সম্পূৰ্ণ হোৱা নাই, অৱশ্যে বাছখনক ইতিমধ্যে জে চি বিৰ সহায়ত উদ্ধাৰ কৰা হৈছে।