NORTHEAST NOW (Assamese)
অসম

একাঠু বৰফৰ মাজেৰে প্ৰসৱ বেদনাত চটফটাই থকা মহিলাক সেনাই লৈ গ’ল চিকিৎসালয়লৈ, ক’ত ঘটিছে এনে ঘটনা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 7, 2021 5:13 pm
army-1609952576

বিগত প্ৰায় ৭ দিন ধৰি প্ৰচণ্ড হিমপাতে জনজীৱন স্থৱিৰ কৰি তুলিছে অঞ্চলটোত।

অঞ্চলটোৰ ঠায়ে ঠায়ে ৬ ফুট উচ্চতালৈ বৰফ জমা হোৱাত বন্ধ হৈ পৰিছে যাতায়াত।প্ৰচণ্ড শীতৰ মাজত মানুহে ঘৰৰ ভিতৰতে আৱব্ধ হৈ থাকিবলগীয়া হৈছে।

এনে সময়তে প্ৰচণ্ড প্ৰসৱ বেদনাত চটফটাই থকা মহিলা এগৰাকীক চিকিৎসালয়লৈ নিয়াৰ কোনো উপায়েই নাছিল।

শীত প্ৰৱাহ আৰু হিমপাতে জোকাৰি যোৱা কাশ্মীৰৰ কুপৱাৰ জিলাৰ বাসিন্দা মহম্মদ মীৰৰ কন্যাই প্ৰসৱ বেদনাত চিৎকাৰ কৰি থকাৰ সময়ত নিৰুপায় হৈ পৰিছিল পিতৃ মহম্মদ মীৰ।

বাহিৰত একাঠু বৰফৰ মাজেৰে কন্যাক চিকিৎসালয়লৈ নিয়াটো মহম্মদ মীৰৰ বাবে সম্ভৱপৰ কথা নাছিল।

নিৰুপায় হৈ পৰা মহম্মদ মীৰে সেয়ে শেষ আশা হিচাবে ভাৰতীয় সেনাক ফোন কৰাটোকেই ঠিক কৰিলে।

মীৰৰ ফোন পোৱাৰ পিছতে তেওঁৰ ঘৰত দেৱদূতৰ দৰে আহি হাজিৰ হ’ল ভাৰতীয় সেনাৰ এটা দল।

সেনাৰ দলটোৱে অকণো সময় নষ্ট নকৰি চাঙি বান্ধি প্ৰসূতিক বৰফৰ মাজেৰেই লৈ গ’ল এক কিলোমিটাৰ দূৰৈত থকা চিকিৎসা কেন্দ্ৰলৈ।

তাত প্ৰাথমিক পৰিচৰ্যা কৰাৰ পিছত প্ৰসূতিক তিনি কিলোমিটাৰ দূৰত থকা চিকিৎসালয়লৈ নিয়াৰ বাবে গাড়ী মতা হ’ল।

কিন্তু বৰফৰ বাবে পথ বন্ধ হৈ থকাত গাড়ী সেই স্থানলৈ আহিব নোৱাৰিলে।

সেয়ে পুনৰ কান্ধত তুলিয়েই প্ৰসূতিক নিয়া হ’ল তিনি কিলোমিটাৰ দূৰৰ চিকিৎসালয়লৈ।

চিকিৎসালয়ত মীৰৰ কন্যাই এটি সুস্থ-সৱল পুত্ৰ সন্তানৰ জন্ম দিছে। সেনাৰ মহানুভৱতাক মহম্মদ মীৰৰ পৰিয়ালৰ লগতে অঞ্চলবাসীয়ে পৰম কৃতজ্ঞতাৰে প্ৰশংসা কৰিছে।