NORTHEAST NOW (Assamese)
অসম

ছিডনীত ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত কিয় আৱেগত উচুপি উঠিল ছিৰাজ? চাওক ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 7, 2021 5:28 pm
WhatsApp Image 2021-01-07 at 5.02.11 PM

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলব’ৰ্ণত খেলপথাৰত নামি পিতৃৰ স্বপ্ন পূৰণ কৰিছিল ভাৰতীয় দলৰ পেচাৰ মহম্মদ ছিৰাজে।সেই অভিষেক মেচতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় পেচাৰগৰাকীয়ে।

পিচে, ছিডনীৰ ক্ৰিকেট ষ্টেডিয়ামত খেলিবলৈ নমাৰ সময়ত ছিৰাজক আৱেগিক হৈ পৰা দেখা যায়।

খেল আৰম্ভ হোৱাৰ পূৰ্বে শাৰীপাতি ৰৈ দুয়োখন দেশৰ ক্ৰিকেটাৰ সকলে ৰাষ্ট্ৰীয় সংগীত গোৱাটো নিয়ম। সেইমতে ভাৰতীয় ক্ৰিকেটাৰসকলেও টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে সমবেতভাৱে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে।

বাকীসকলে যেতিয়া একান্ত মনে ৰাষ্ট্ৰীয় সংগীতত নিমগ্ন হয়, ছিৰাজৰ দুগালেদি দুধাৰি চকুলো বৈ অহা দেখা যায়।

তেওঁ সেই চকুপানী মচি পেলোৱা দেখা যায়। এইগৰাকী তৰুণ ক্ৰিকেটাৰৰ এনে আৱেগিক মুহূৰ্তৰ ভিডিঅ’ ক্ৰিকেট অষ্ট্ৰেলিয়াই ছচিয়েল মিডিয়াত প’ষ্ট কৰে।

অষ্ট্ৰলিয়া ভ্ৰমণত থকাৰ সময়তে ছিৰাজৰ পিতৃৰ পৰলোকপ্ৰাপ্তি ঘটে।  কিন্তু দেশৰ স্বাৰ্থত, কৰ্তব্য পালনৰ খাতিৰত তেওঁ পিতৃৰ অন্তিম সৎকাৰত উপস্থিত থাকিব নোৱাৰিলে।

ছিৰাজে কৈছিল যে তেওঁৰ পিতৃৰ একাত্ৰ স্বপ্ন আছিল ছিৰাজে দেশৰ হৈ খেলপথাৰত নমাটো। সেয়ে টেষ্ট ক্ৰিকেটেৰে আত্মপ্ৰকাশ কৰি পিতৃৰ স্বপ্ন পূৰণ কৰিব বিচাৰে ছিৰাজে।

মেলব’ৰ্ণত টেষ্ট অভিষেকৰ জৰিয়তে ছিৰাজে পিতৃৰ স্বপ্ন পূৰণ কৰে। ছিডনীত ডেভিড ৱাৰ্নাৰৰ উইকেট দখল কৰি ছিৰাজে ভাৰতক প্ৰথমটো সফলতা আনি দিয়ে।