NORTHEAST NOW (Assamese)
অসম

নগাঁৱত ৭০ লক্ষাধিক টকাৰ চোৰাং আগৰ কাঠ ভৰ্তি ট্ৰাক জব্দ

Posted by: মিণ্টু দাস October 20, 2018 4:52 pm
নগাঁৱত সক্ৰিয় হৈ পৰিছে আগৰৰ চোৰাং ব্যৱসায়ী। আজি পুৱা বৰঘাট আৰক্ষীয়ে এখন চোৰাং আগৰ কাঠভৰ্তি
ট্ৰাক জব্দ কৰাটোৱে এই কথা প্ৰমাণ কৰিছে।
প্ৰাপ্ত তথ্য মতে হোজাইৰ পৰা এ এছ ০১- ই চি ৮০০৯ নম্বৰৰ ট্ৰাকখনে চোৰাংকৈ আগৰখিনি কঢ়িয়াই আনিছিল। আৰু সেই সময়তে বৰঘাট আৰক্ষীয়ে অভিযান চলাই চোৰাং আগৰভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়।
জব্দ কৰা ট্ৰাকখনত থকা কাঠখিনিৰ মূল্য প্ৰায় ৭০ লক্ষাধিক টকা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
একাংশ স্থানীয় লোকে নগাঁও বন সংমণ্ডলৰ বিষয়াৰে বুজাবুজিৰে চোৰাং ব্যৱসায়ীয়ে আগৰৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে। আৰক্ষীৰ পৰৱৰ্তী তদন্ততহে ঘটনাৰ প্ৰকৃত কথা জানিব পৰা যাব।