NORTHEAST NOW (Assamese)
Popular Stories

মুম্বাইত ৩৬ দিনীয়া শিশু ক’ৰ’না মুক্ত; চিকিৎসাকৰ্মীয়ে হাত চাপৰিৰে চিকিৎসালয়ৰ পৰা বিদায় জনালে মাতৃ আৰু সন্তানক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 28, 2020 8:17 pm

সমগ্ৰ দেশত ক’ৰ’না মহামাৰীয়ে দ্ৰুত সংক্ৰমণ অব্যাহত ৰখাৰ সময়তে মহাৰাষ্ট্ৰৰ মুম্বাইৰ চিচ’ন চিকিৎসালয়ত ৩৬ দিনীয়া এটা শিশুই ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰাৰ খবৰে সকলোৰে মনত আশাৰ সঞ্চাৰ কৰিছে।

মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে টুইটাৰ যোগে চিকিৎসালয়খনৰ চিকিৎসক আৰু নাৰ্চ সকলে শিশু আৰু শিশুটিৰ মাতৃক হাত চাপৰি বজায় চিকিৎসালয়ৰ পৰা বিদায় দিয়াৰ দৃশ্য শ্বেয়াৰ কৰে।

‘‘মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ বাবে যেতিয়া একেলগে যুদ্ধ কৰাৰ সময় আহি পৰে তেতিয়া বয়সৰ কোনো সীমা নাথাকে,’’ মুখ্য মন্ত্ৰীৰ টুইটাৰত এনেদৰে উল্লেখ কৰে।

উল্লেখযোগ্য যে, দেশত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত চাৰি সহস্ৰাধিক লোকে প্ৰাণ হেৰুওৱাৰ সময়ত প্ৰায় এমহীয়া শিশু, ৯০ৰ উৰ্ধৰ ব্যক্তি আৰু ডায়াবেটিছ, হৃদৰোগত আক্ৰান্ত ৰোগী সুস্থ হৈ উঠাৰ খবৰে দেশবাসীৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিছে।

সমগ্ৰ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ৫০,০০০ৰ সীমা অতিক্ৰম কৰিছে।