NORTHEAST NOW (Assamese)
অসম

কোভিড-১৯ৰক্ষা কৱচ! আই আই টি গুৱাহাটীৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সৃষ্টি নতুন মুখাৱৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 29, 2020 9:47 am
Face-shield

আই আই টি গুৱাহাটীৰ এগৰাকী প্ৰাক্ন শিক্ষাৰ্থী তথা এগৰাকী ইণ্ডাষ্ট্ৰীয়েল ডিজাইনাৰ হিমুজ্জ্বল শৰ্মাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হাস্পাতলসমূহ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ নিৰ্মাণ কৰি উলিয়াইছে উচ্চ গুণসম্পন্ন মুখাৱৰণ।

এই মুখাৱৰণ বা ফেচ মাস্ক উন্নত হোৱাৰ লগতে দ্ৰুত উৎপাদনক্ষম আৰু সস্তা বুলি এক বিবৃতিত কোৱা হৈছে।

শৰ্মা আৰু তেওঁৰ টীমটোৱে এই মুখাৱৰণ তৈয়াৰ কৰি গুৱাহাটীত স্বাস্থ্যকৰ্মী, চৰকাৰী কাৰ্যালয় আৰু বিভিন্ন বেচৰকাৰী সংস্থাসমূহৰ মাজত বিতৰণ কৰিছে।

‘’বৰ্তমান দেশজুৰি লকডাউন চলি থকা সত্ত্বেও মাত্ৰ তিনিমিনিটৰ ভিতৰতে কাটি বনাব পৰা তেওঁলোকে ক্ষিপ্ৰতাৰে কিছু অতি সৰল ডিজাইন প্ৰস্তুত কৰি উলিয়াইছে। এই মুখাৱৰণ এক বিশেষ পদ্ধতিৰে ডিজিটেলি ফেব্ৰিকেটেড হোৱাৰ বাবে উৎপাদনত উন্নত, ক্ষিপ্ৰ আৰু সস্তা হৈছে,’’-শৰ্মাই কয়।

টীমটোৱে ২৮ দিনৰ ভিতৰত প্ৰায় ১২,০০০ মুখাৱৰণ কৱচ প্ৰস্তুত কৰাৰ লগতে বিতৰণ কৰিবলৈ সক্ষম হৈছে।

তেওঁলোকে এইবোৰ জিএমচিএইচ, জিএনআৰচি, দিছপুৰ হাস্পাতল, এপ’লো হাস্পাতাল আৰু ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটকে ধৰি অসমৰ ১১৮খন হাস্পাতলত সেইবোৰ যোগান ধৰিছে।

তেওঁ কয় যে অসমৰ প্ৰায় ৮০০ চিকিৎসক, নাৰ্চিং ষ্টাফ তথা ব্যক্তিয়ে বৰ্তমান এই মুখাৱৰণ ব্যৱহাৰ কৰি আছে।

তেওঁলোকে লগতে কোভিড-১৯ৰ পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই চৰকাৰী বিষয়া, বেচৰকাৰী সংস্থা, জিএমচিএইচক ২৫০০ মুখাৱৰণ দান কৰিছে।

শৰ্মাৰ ডিজাইন কোম্পানী Izake ডিজাইন এণ্ড কনছালটেন্সি প্ৰাইভেট লিমিটেডে বৰ্তমান আই আই টি গুৱাহাটীত নেডফিৰ নৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ডৰ অৰ্থ সাহায্যত সফলতাৰে প্ৰকল্পটো চলাই আছে।