NORTHEAST NOW (Assamese)
অসম

নিমাতী ঘাটত অঘটন: ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে যুৱকে

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক March 2, 2022 12:23 pm
Nimati Ghat

যোৰহাটত ব্ৰহ্মপুত্ৰৰ নিমাতী ঘাটত পুনৰ সংঘটিত হৈছে এক অঘটনl এখন ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন যুৱকেl

চেনিমাই-২ নামৰ যাত্ৰীবাহী ফেৰী খনৰ পৰা যুৱকজনে ব্ৰহ্মপুত্ৰত জাঁপ দিয়ে।

পুৱা ১০ বাজি ৩০ মিনিটত নিমাতীৰ পৰা মাজুলী অফলামুখ অভিমুখে ৰাওনা হৈছিল ফেৰীখনl

ফেৰীখন ঘাটৰ পৰা এৰিব লওঁতেই এই ঘটনা সংঘটিত হয়l

এই মুহূৰ্তলৈকে যুৱকজনৰ পৰিচয় জানিব পৰা নাইl

আনহাতে যুৱকজনৰ সন্ধানত বৰ্তমান অভিযান অব্যাহত ৰাখিছে এছডিআৰএফ বাহিনীয়ে।