NORTHEAST NOW (Assamese)
অসম

বান আক্ৰান্ত পবিতৰা অভয়াৰণ্য পৰিদৰ্শন ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ; বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 29, 2020 4:56 pm

আমফানৰ প্ৰভাৱৰ বাবে বিগত সপ্তাহত ৰাজ্যত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত প্লাবিত হৈ পৰিছে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ বিচৰণস্থলী পবিতৰা অভয়াৰণ্য।

পবিতৰা অভয়াৰণ্যৰ লগতে মায়ং অঞ্চলৰ বিস্তৰ কৃষিভূমি বানৰ কৱলত পৰিছে।

আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথৰ নেতৃত্বত এটি প্ৰতিনিধি দলে ক্ষতিগ্ৰস্ত অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

আছুৰ দলটোৱে পবিতৰা অভয়াৰণ্যৰ ৰেঞ্জাৰ মুকুল তামূলীৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভতো আলোচনাত মিলিত হয়।

‘‘বিগত বৰ্ষৰ বানপানীত পবিতৰাত দুটাকৈ গঁড়ৰ পোৱালীৰ মৃত্যু হৈছিল। চলিত বৰ্ষত তেনে ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ হাইলেণ্ডসমূহ ভালদৰে নিৰ্মাণ কৰাৰ লগতে আন আন যাৱতীয় ব্যৱস্থা ল’বলৈ বনমন্ত্ৰীক আহ্বান জনাইছো,’’ আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উৎপল শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়।

বন্যপ্ৰাণীৰ সুৰক্ষা সুনিশ্চিত হ’ব‌ই লাগিব বুলিও ছাত্ৰ প্ৰতিনিধি গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় ।

আনহাতে, কৃষিপথাৰৰ শস্য নষ্ট হোৱাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মৰিগাঁও জিলা আছুৰ সাধাৰণ সম্পাদক  দিপুল কুমাৰ নাথে কয় যে, মায়ং অঞ্চলত বছৰৰ প্ৰথমটো বানে কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন কৰিছে। এজন যুৱ খেতিয়কে ২০ বিঘাকৈ মাটিৰ খেতি নষ্ট হোৱাত হতাশগ্ৰস্ত হৈ আত্মহত্যা পৰ্যন্ত কৰিছে । এনে ঘটনা দুৰ্ভাগ্যজনক । চৰকাৰে কৃষকসকলক এই দুৰ্যোগৰ সময়ত যথোচিত সাহায্য দিয়ক ।

আছুৰ প্ৰতিনিধি দলটোত জিলা ছাত্ৰ সন্থাৰ উপসভাপতি দিব্যজ্যোতি বৰুৱা, সহ: সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিৰ লগতে মায়ং, মনহা আৰু ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকল উপস্থিত আছিল ।