NORTHEAST NOW (Assamese)
Popular Stories

দেশৰ মৰ্য্যাদাত আপোচ নকৰাকৈ চীনৰ সৈতে চলিছে আলোচনা : ৰাজনাথ সিং

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 31, 2020 10:59 am
CAB in parliament: Rajnath Singh asks BJP MPs to be present

লাডাখকলৈ চলি থকা সপ্তাহজোৰা অচলাৱস্থাৰ সমাধান উলিয়াবলৈ ভাৰত আৰু চীনে সামৰিক আৰু কূটনৈতিক পৰ্য্যায়ত এলানি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছে।

শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা প্ৰকাশ কৰে।

অৱশ্য কেন্দ্ৰীয় চৰকাৰে কোনো পৰিস্থিতিতে ভাৰতৰ মৰ্য্যাদাত আঘাত পৰিবলৈ নিদিয়ে বুলি সিঙে দেশবাসীক আশ্বাস দিয়ে। Hindustantimes-ৰ এক বাতৰিত এইদৰে কোৱা হয়।

উল্লেখযোগ্য যে ৰাজানাথ সিঙৰ বাহিৰে এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ কোনো এগৰাকী শীৰ্ষ পৰ্য্যায়ৰ মন্ত্ৰীয়ে চীনৰ সৈতে Line of Actual Control (LAC)-ত চলি থকা অচলাৱস্থাক লৈ মন্তব্য দিয়া নাই।

চীনে তেওঁলোকৰ ফালে থকা লাডাখৰ বিবাদমান সীমাত কামানবাহিনীসহ প্ৰায় ৫০০০ সৈনিকৰ লগতে যুদ্ধ টেংক মোতায়েন কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতেও অঞ্চলটোলৈ সামৰিক শক্তি প্ৰেৰণ কৰিছে বুলি বাতৰিটোত প্ৰকাশ।

ইয়াৰ উপৰি চীনে তেওঁলোকৰ ফালে থকা উত্তৰ ছিকিমৰ সীমান্ততো নিজৰ সেনা বাহিনী মোতায়েন কৰি ৰাখিছে, য’ত যোৱা ৯ মে’ত দুয়োখন দেশৰ জোৱানৰ মাজত হোৱা এক কাজিয়াত ৭ গৰাকী চীনা আৰু ৪ গৰাকী ভাৰতীয় জোৱান আহত হৈছিল।