NORTHEAST NOW (Assamese)
Popular Stories

ইবলা ভাইৰাছৰ পুনৰ সংহাৰী ৰূপ, পশ্চিম আফ্ৰিকাত তিনিজনৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 15, 2021 8:27 pm
ইবলা ভাইৰাছৰ পুনৰ সংহাৰী ৰূপ, পশ্চিম আফ্ৰিকাত তিনিজনৰ মৃত্যু

আফ্ৰিকা মহাদেশৰ বিভিন্ন দেশত শেহতীয়াকৈ ইবলা ভাইৰাছে পুনৰ সংসাৰী ৰূপ ধাৰণ কৰিছে।

ইতিমধ্যে পশ্চিম আফ্ৰিকান ৰাষ্ট্ৰ গিনীত তিনিজন লোক মৃত্যু হোৱাৰ বিপৰীতে চাৰিজন লোক আক্ৰান্ত হৈ আছে।

কভিডকালীন সময়ছোৱাতে পুনৰ সংসাৰী ৰূপ লোৱা ইবলা ভাইৰাছক গিনী চৰকাৰে মহামাৰী হিচাপে ঘোষণা কৰিছে।

ইবলা ৰোগীসকলৰ প্ৰধান লক্ষণ হৈছে ডায়েৰীয়া, বমি আৰু ৰক্তক্ষৰণ।

দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে তেওঁলোকক হস্পিতালৰ আন ৰোগীসকলৰ পৰা পৃথকে ৰখা হৈছে।

দেওবাৰে আফ্ৰিকাৰ আন এখন দেশ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোতো চাৰিজনকৈ লোকৰ শৰীৰত ইবলা ভাইৰাছ পোৱা গৈছিল।

উল্লেখযোগ্য যে ২০১২ৰ পৰা ২০১৬ চনলৈকে পশ্চিম আফ্ৰিকাত সংহাৰী ৰূপ ধাৰণ কৰা ইবলা ভাইৰাছে ১১,৩০০ জন লোকৰ প্ৰাণ কাঢ়ি নিছিল।

ইবলাই সংহাৰ ৰূপ ধাৰণ কৰা দেশকেইখন আছিল গিনী, লাইবেৰীয়া আৰু ছিয়েৰা লিঅ’ন।

বাতৰিত প্ৰকাশ পোৱা মতে, গিনীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ স’তে ইবলা প্ৰতিৰোধী ভাইৰাছৰ সম্পৰ্কে আলোচনা কৰি আছে।