NORTHEAST NOW (Assamese)
অসম

ন্যায়িক ব্যৱস্থাৰ বিৰুদ্ধে বৰ্দ্ধিত অসহিষ্ণুতাত ইন্ধন যোগাইছে ছ’চিয়েল মিডিয়াই: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 1, 2020 8:40 am
Justice-Sanjay-Kishan-Kaul-750x375

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষান কৌলে দেওবাৰে কয় যে ন্যায়িক ব্যৱস্থাৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াই ইন্ধন যোগোৱা এক অসহিষ্ণুতা দেশত গঢ়ি উঠিছে।

তেওঁ এক অনলাইন বক্তৃতাত কয় যে তেওঁলোকৰ সিদ্ধান্তৰ বাবে ন্যায়াধীশসকলৰ বিৰুদ্ধে অভিযোগ আৰোপ কৰা হয়।

তেওঁ লগতে সতৰ্ক কৰি দিয়ে যে যদি সমালোচনাৰ প্ৰবৃত্তিয়ে নিৰ্দিষ্ট সীমা অতিক্ৰম কৰে তেতিয়াহ’লে ই ন্যায়িক ব্যৱস্থাটোৰ ক্ষতি কৰিব।

তেওঁ এম বি একাডেমী, মাদ্ৰাছ বাৰ এছোচিয়েশ্যনে আয়োজন কৰা ‘’ফ্ৰীডম অফ স্পীচ ইন দ্য টাইম অফ কোভিড-১৯-ফেক নিউজ এণ্ড ইনফৰমেশ্যন’’ সম্পৰ্কত এক অনলাইন বক্তৃতা প্ৰদান কৰিছিল।

এই অনুষ্ঠানটোত এম বি একাডেমীৰ অধ্যক্ষ এছ পাৰ্থসাৰথি আৰু মাদ্ৰাছ বাৰ এছোচিয়েশ্যনৰ সচিব এম ভাস্কৰেও অংশগ্ৰহণ কৰিছিল।

অলপতে প্ৰবাসী শ্ৰমিকৰ সংকটৰ বিষয়টোত স্থিতি গ্ৰহণ কৰা বিচাৰপীঠখনৰো সদস্য আছিল ন্যায়াধীশ কৌল।

ন্যায়াধীশ গৰাকীয়ে কয় যে মত প্ৰকাশৰ স্বাধীনতাত বাধা প্ৰদান অবিহনে ছচিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰাটো কঠিন।

তেওঁ কয়,’’দেশখনত চলি থকা মহামাৰীৰ সময়ছোৱাতো নিৰ্দিষ্ট গ্ৰুপৰ বিৰুদ্ধে শত্ৰুতা সৃষ্টি কৰা ভুৱা বাতৰিৰ প্ৰৱণতা বহুত বৃদ্ধি পাইছে।‘’

তেওঁ কয় যে কোভিড-১৯ৰ সংকটৰ সময়ছোৱাত ইয়াৰ’নিদান’, ইয়াৰ উৎপত্তি. ‘ভাইৰাছটো বিয়পোৱাত সহায় কৰা’লোকৰ বিষয়ৰ দৰে বহুতো খৱৰ পোৱা যায়।

তেওঁ কয় এনে বাতৰিবোৰে আনকি ধৰ্মীয় তথা জাতিভিত্তিক ৰূপো লাভ কৰে।