NORTHEAST NOW (Assamese)
অসম

ভাৰতত থাকিয়েই চোৰাংচোৱাগিৰিত জড়িত দুজন পাকিস্তানী উচ্চায়োগৰ বিষয়াক দেশ ত্যাগৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 1, 2020 9:41 am
pakistan-embassy-746x375

ভাৰতত চোৰাংচোৱাগিৰিত জড়িত থকা পাকিস্তানী উচ্চায়োগৰ দুজন বিষয়া ধৰা পৰিছে। দুয়োজনেই দিল্লীৰ পাকিস্তানী উচ্চায়োগৰ ভিছা প্ৰদান বিভাগৰ কমৰ্চাৰী আছিল বুলি জানিব পৰা গৈছে।

কূটনীতিক বিষয়া হিচাপে থকা বিশেষ সুৰক্ষা ব্যৱস্থাৰ সুযোগ লৈ ভাৰতত পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ হৈ গোপন তথ্য সংগ্ৰহত জড়িত হৈছিল বিষয়া দুজন।

দেওবাৰে নতুন দিল্লীত বৈদেশিক মন্ত্ৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে পৰৱৰ্তী ২৪ ঘন্টাৰ ভিতৰত দুয়োজনকে ভাৰত ত্যাগ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

বিবৃতিটোত কোৱা হৈছে যে কূটনৈতিক আয়োগৰ সদস্য হ’লেও পাকিস্তানী উচ্চায়োগৰ বিষয়া দুজনে যিধৰণৰ কামৰ সৈতে জড়িত হৈছে তাত তেওঁলোকৰ পদমৰ্যাদা অৱনমিত হৈছে।

সেয়েহে তেওঁলোকক অবাঞ্চিত হিচাপে ঘোষণা কৰি পৰৱৰ্তী ২৪ঘন্টাৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

সমগ্ৰ ঘটনাটো সম্পৰ্কত বৈদেশিক মন্ত্ৰ্যালয়ে ভাৰতত থকা পাকিস্তানী দূতাবাসলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে।

বাতৰি অনুসৰি, চোৰাংচোৱা বৃত্তিত জড়িত আবিদ হুছেইন আৰু তাহিৰ খান নামৰ বিষয়া দুজনক দেওবাৰে দিল্লী আৰক্ষীৰ বিশেষ শাখাই হাতেলোটে ধৰা পেলায়।

পাকিস্তানী উচ্চায়োগৰ ভিছা বিভাগত কৰ্মৰত বিষয়া দুজনে পাকিস্তানৰ আই এছ আইৰ হৈ কাম কৰিছিল।