NORTHEAST NOW (Assamese)
Popular Stories

জন্মু আৰু কাশ্মীৰত সন্ত্রাসবাদীৰ অনুপ্রৱেশ ব্যৰ্থ : সেনা বাহিনীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 1, 2020 3:08 pm
indian-army-19

জন্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ এক প্ৰচেষ্টাক ব্যৰ্থ কৰিছে ভাৰতীয় সেনাবাহিনীয়ে।

ৰাজৌৰী জিলাৰ নৌচেৰাত এটা সন্ত্ৰাসবাদীৰ গোটে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰোতে ভাৰতীয় সেনাবাহিনীয়ে গুলীচালনা কৰি ব্যৰ্থ কৰিছে।

সেনাবাহিনীৰ এক সূত্ৰই প্ৰকাশ কৰা মতে সন্ত্ৰাসবাদীৰ এটা গোটে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰাত ভাৰতয়ী সেনাই গুলীচালনা কৰে আৰু ৩ সন্ত্ৰাসবাদী নিহত হয়।

যোৱা ২৮ মে’ৰ পৰা ৰাজৌৰী আৰু পুঞ্চ জিলাৰ প্ৰায় আধা ডজন গাঁৱত সেনাৰ দলে তালাচী অভিযান আৰম্ভ কৰিছে।

আনহাতে জন্মু আৰু কাশ্মীৰৰ কাঠুৱা-চাম্বা ছেক্টৰৰ হীৰানগৰত সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ অন্য এটা যুটীয়া অভিযান আৰম্ভ কৰিছে।

সংবাদ প্ৰতিষ্ঠান পিটিআইৰ বাতৰি মতে পাক-ভাৰত সীমান্তত ৰাতি সন্ত্ৰাসবাদীৰ অৱস্থিতিৰ তথ্য লাভৰ বাবে দেওবাৰৰ নিশা এই অভিযান চলোৱা হৈছে।

এই অভিযান চাম্বা ছেক্টৰৰ বসন্ত আৰু এইক নলাহ নৈপৰীয়া অঞ্চলজুৰি চলোৱা হৈছে।

উল্লেখ্য যে কিছু বছৰৰ পৰা পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে চাম্বা, কঠুৱা, জন্মু  আৰু  নগৰ’তাৰ হীৰানগৰ আৰু চাম্বা ছেক্টৰেদি অনুপ্ৰৱেশ কৰি ভাৰতীয় সেনা বাহিনীৰ ছাউনিবোৰত আক্ৰমণ সংঘটিত কৰি আহিছে।