NORTHEAST NOW (Assamese)
অসম

চিবিআইত প্ৰথমবাৰৰ বাবে কৰ’না ভাইৰাছৰ ঘটনা; দুগৰাকী বিষয়াৰ কোভিড-১৯ পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 2, 2020 8:10 am
CBI-750x375

চিবিআইৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত নিযুক্ত দুগৰাকী বিষয়াৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰা ঘটনা পোহৰলৈ আহিছে।

সূত্ৰসমূহৰ মতে, তদন্তকাৰী সংস্থাটোত প্ৰথমবাৰৰ বাবে কৰ’না সংক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

বিভাগটোৰ দুৰ্নীতি নিবাৰক শাখাত নিযুক্ত কনিষ্ঠ পৰ্যায়ৰ বিষয়া দুগৰাকীৰ ছুটীত যাবলৈ দিয়া হৈছে আৰু সুস্থ নোহোৱালৈকে কোৱাৰেন্টাইনত থাকিবলৈ কোৱা হৈছে।

অৱশ্যে, জ্যেষ্ঠ বিষয়াসকলে আক্ৰান্ত সহযোগী বিষয়া দুগৰাকীৰ পৰিচয় প্ৰকাশ কৰা নাই।

সংস্থাটোৱে আক্ৰান্ত বিষয়া দুগৰাকীৰ সংস্পৰ্শলৈ অহা লোকসকলৰ সন্ধান চলাব।

তেওঁলোকক ঘৰৰ পৰাই কাম কৰাৰ পৰামৰ্শ দিয়াৰ লগতে কোৱাৰেইন্টাইনৰ নিয়ম পালন কৰিবলৈকো কোৱা হৈছে।

মাৰ্চ মাহৰ তৃতীয় সপ্তাহৰ পৰাই চিবিআইয়ে সামাজিক ব্যৱধান ৰক্ষা কৰা আৰু ছেনিটাইজেশ্যনৰ নিয়ম পালন কৰা আৰম্ভ কৰিছিল।

প্ৰতিগৰাকী ব্যক্তিৰে তাপমাত্ৰা পৰীক্ষা কৰাৰ লগতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছিল।

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰায় প্ৰতিটো বিভাগ তথা খণ্ডতে বিয়পি পৰিবলৈ লৈছে।

ইয়াৰ পূৰ্বে ভাৰতীয় সেনা, নৌসেনা তথা অৰ্দ্ধ সামৰিক বাহিনীৰ বিষয়াৰ মাজতো কৰ’না সংক্ৰমণৰ কেইবাটাও ঘটনা প্ৰকাশ পাইছিল।