NORTHEAST NOW (Assamese)
Popular Stories

প্ৰবীণ অভিনেতা ঋষি কাপুৰ আৰু নাই; ৬৭ বছৰ বয়সত মুম্বাইত বিয়োগ প্ৰখ্যাত অভিনেতাগৰাকীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 30, 2020 10:30 am
75459619

বলিউদৰ প্ৰখ্যাত অভিনেতা ঋষি কাপুৰ আৰু নাই।

৬৭ বছৰ বয়সত প্ৰবীণ অভিনেতাগৰাকী আজি মুম্বাইত পৰলোকপ্ৰাপ্তি ঘটিছে।

ককৰ্ট ৰোগত আক্ৰান্ত ঋষি কাপুৰক যোৱা বুধবাৰে মুম্বাইৰ চাৰ এইচ এন ৰিলায়েঞ্চ ফাউডেশ্যনত ভৰ্তি কৰা হৈছিল।

ঋষি কাপুৰৰ জ্যেষ্ঠ ভাতৃ ৰণধীৰ কাপুৰে সংবাদ মাধ্যমক জনাইছিল যে ঋষি কাপুৰৰ স্বাস্থ্যৰ অৱনতি ঘটাত বুধবাৰে সন্ধিয়া মুম্বাইৰ চাৰ এইচ এন ৰিলায়েঞ্চ ফাউডেশ্যনত ভৰ্তি কৰোৱা হৈছিল।

বৰ্তমানলৈকে হাস্পতাল কৰ্তৃপক্ষই আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও বলিউদৰ মেগাষ্টাৰ অমিতাভ বচ্চনে নিজৰ টুইটাৰ একাউন্টত টুইট কৰি এই কথা নিশ্চিত কৰিছে।

“তেওঁ আৰু নাই…! ঋষি কাপুৰ… গুচি গ’ল… এই মাত্ৰ তেওঁৰ বিয়োগ ঘটিছে…মই বিধ্বস্ত!” মেগাষ্টাৰ গৰাকীয়ে টুইট কৰি কয়।

২০১৮ চনৰ পৰা ককৰ্ট ৰোগত ভুগি থকা ঋষি কাপুৰে ২০১৯ বৰ্ষত নিউয়ৰ্কত চিকিৎসা গ্ৰহণ কৰি উভতি আহিছিল। নিউয়ৰ্কত চিকিৎসা গ্ৰহণৰ পাছত তেওঁ যথেষ্ট আৰোগ্য লাভ কৰিছিল বুলি কোৱা হৈছিল যদিও যোৱা ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত প্ৰবীণ অভিনেতা গৰাকীক হঠাতে দিল্লীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

লগতে পঢ়ক : বলিউদৰ অভিনেতা ঋষি কাপুৰ চিকিৎসাধীন; ভাতৃ ৰণধীৰে ক’লে ‘তেওঁ এতিয়া অসুস্থ’

শ্ৰী ৪২০ আৰু মেৰা নাম জ’কৰ ছবিত শিশু অভিনেতাৰূপে ভুমুকি মৰা ৰাজ কাপুৰৰ দ্বিতীয় পুত্ৰ ঋষি কাপুৰে ১৯৭২ চনত দিম্পল কাপাডিয়াৰ বিপৰীতে ববীত অভিনয় কৰি বলিউদৰ ছবিত নায়ক হিচাপে যাত্ৰা আৰম্ভ কৰে।

প্ৰবীণ অভিনেতাগৰাকীয়ে বহুতো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল। তাৰ ভিতৰত অমৰ আকবৰ এনন্থী, লাইলা মজনু, ৰাফো চক্কৰ, স্বৰগম, কাৰ্জ, ব’ল ৰাধা ব’ল, দিৱানা আদিয়ে প্ৰধান।

উল্লেখ্য যে কালি মুম্বাইত দেশৰ অন্য এজন প্ৰতিভাশালী অভিনেতা ইৰফান খানৰো পৰলোকপ্ৰাপ্তি ঘটে।