NORTHEAST NOW (Assamese)
Popular Stories

কোভিদ-১৯-ৰ সংক্ৰমণৰ পৰা আৰক্ষীক ৰক্ষাৰ বাবে পৰীক্ষামূলকভাৱে ফেচ শ্বিল্ড নিৰ্মাণ কৰিছে আই আই টি জম্মুৰ শিক্ষাৰ্থীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 30, 2020 11:16 am

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান সমূহে বিভিন্ন ধৰণৰ নতুন নতুন উদ্ভাৱনেৰে চৰকাৰ-প্ৰশাসনক সহায় আগবঢ়াই আহিছে।

আই আই টি জম্মুৰ শিক্ষাৰ্থী সকলে কোভিদ-১৯-ৰ সংক্ৰমণৰ পৰা কৰ্তব্যত নিয়োজিত আৰক্ষী সকলক ৰক্ষা কৰাৰ বাবে পৰীক্ষামূলকভাৱে ফেচ শ্বিল্ড প্ৰস্তুত কৰি উলিয়াইছে।

আই চি এম আৰৰ পৰা মান্যতা লাভ কৰিলে আই আই টি জম্মুৱে বৃহৎ পৰিমাণত এনে ফেচ শ্বিল্ড নিৰ্মাণ কৰি উলিয়াব বুলি সঞ্চালক ড০ এম এছ গৌৰে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে আই আই টি দিল্লীয়ে কোভিদ-১৯ টেষ্টিঙৰ বাবে প্ৰস্তুত কৰি উলিওৱা পদ্ধতিক আই চি এম আৰে মান্যতা প্ৰদান কৰিছিল।

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ গৱেষক শিক্ষাৰ্থী সকলেও কোভিদ-১৯ৰ সৈতে যুঁজাৰ বাবে বিভিন্ন ধৰণৰ উদ্ভাৱনেৰে সহায় আগবঢ়াইছিল।

আই আই টি গুৱাহাটীৰ গৱেষক সকলে বৃহৎ অঞ্চল চেনিটাইজ কৰিব পৰা দ্ৰোণ নিৰ্মাণ কৰাৰ লগতে কম মূল্যৰ ফেচ চিল্ড আৰু উচ্চমানদণ্ডৰ মাস্ক প্ৰস্তুত কৰি উলিয়াইছিল।

শিক্ষানুষ্ঠানখনৰ গৱেষক সকলে মানুহৰ সংস্পৰ্শলৈ নহাকৈ জ্বৰ পৰীক্ষা কৰিব পৰা ইনফ্ৰাৰেড যন্ত্ৰৰ লগতে ক’ৰ’না ভাইৰাছৰ আক্ৰান্তৰ চিকিৎসাত চিকিৎসাকৰ্মী সকলে ব্যৱহাৰ কৰা  ৰিবচুইটচ পি অ’ চি টি কিটছ নিৰ্মাণ কৰি আছে।

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালে ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান সমূহৰ উদ্ভাৱনক প্ৰশংসা কৰি ক্ৰমাগতভাৱে ধন্যবাদ জ্ঞাপন কৰি আহিছে।