NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠা ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছন আৰু বাগদত্তাৰ পুত্ৰ সন্তান লাভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 30, 2020 9:39 am

ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছন আৰু তেওঁৰ বাগদত্তা কেৰী চাইমণ্ডে বুধবাৰে তেওঁলোক পুত্ৰ সন্তান লাভ কৰা বুলি ঘোষণা কৰে।

প্ৰধান মন্ত্ৰীৰ এগৰাকী মুখপাত্ৰই বৰ্তমান মাতৃ আৰু আৰু নৱজাতক পুত্ৰ দুয়ো কুশলে আছে বুলি জানিবলৈ দিয়ে।

অলপতে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰা প্ৰধান মন্ত্ৰী জনছন পুত্ৰৰ জন্মৰ সময়ত লণ্ডনৰ এখন এন এইচ এছ হাস্পাতালত উপস্থিত আছিল।

বৰ্তমান সময়লৈ জন্মহোৱা শিশুটিৰ ওজন, জন্মৰ সময় আদি জানিব পৰা হোৱা নায়।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ কবলৰ পৰা সুস্থ হৈ উঠা প্ৰধান মন্ত্ৰী বৰিছ জনছন বৰ্তমান নিজৰ কাৰ্য্যালয়লৈ উভতিছে আৰু মহামাৰী সংক্ৰমণৰ হকে দেশক নেতৃত্ব প্ৰদান কৰি আছে।

জনছনে চলিত বছৰৰ শেষৰভাগলৈ শাৰীৰিক সুস্থতাৰ হকে কিছু দীঘলীয়া জিৰণি লোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ব্ৰিটিছ প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা।

ব্ৰিটেইনত প্ৰধান মন্ত্ৰী বৰিছ জনছনৰ উপৰিও ৰাজকুমাৰ চাৰ্লছ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।