NORTHEAST NOW (Assamese)
Popular Stories

গোপীনাথ বৰদলৈ পথৰ উৰণীয়া সেঁতু দীঘলীপুখুৰীলৈকে সম্প্ৰসাৰণৰ বিৰোধিতা ‎গুৱাহাটীৰ সচেতন নাগৰিকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 22, 2025 5:33 pm

নিৰ্মীয়মান নুনমাটি-দীঘলীপুখুৰী সংযোগী উৰণীয়া সেঁতু কামৰূপ জিলা পুথিভঁৰাললৈকে সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে গুৱাহাটীৰ সচেতন নাগৰিক সমাজে।

চৰকাৰৰ এই সিদ্ধান্তই ঐতিহাসিক দীঘলীপুখুৰীৰ লগতে অঞ্চলটোৰ ঐতিহ্য আৰু জৈৱ-বৈচিত্ৰৰ অপূৰণীয় ক্ষতি কৰিব বুলি উল্লেখ কৰি লোক-নিৰ্মাণ বিভাগ তথা অসম চৰকাৰৰ ওচৰত তীব্ৰ আপত্তি প্ৰকাশ কৰিছে সংগঠনটোৱে।

পূৰ্বতে গুৱাহাটী উচ্চ ন্যায়ালয়ত লোক-নিৰ্মাণ বিভাগে দাখিল কৰা শপতনামাত উৰণীয়া সেঁতুখন ৰবীন্দ্ৰ ভৱনৰ ওচৰতে সমাপ্ত কৰা হব আৰু দীঘলীপুখুৰীৰ আশে-পাশে থকা কোনো গছ-গছনিৰ ক্ষতি কৰা নহব বুলি আশ্বাস দিয়া হৈছিল। কিন্তু এতিয়া ওলোটা খৰ মাৰি এই উৰণীয়া সেঁতুখন জিলা পুথিভঁৰাললৈকে সম্প্ৰসাৰণ কৰাৰ যো-জা চলোৱা দেখা গৈছে।

শেহতীয়াকৈ লোক-নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা গৰাকীৰ সৈতে হোৱা এক বৈঠকৰ পৰা সচেতন নাগৰিক সমাজৰ প্ৰতিনিধি দল নিশ্চিত হৈছিল যে চৰকাৰে বিতৰ্কিত উৰণীয়া সেঁতুখনৰ পূৰ্বৰ নক্সাৰ সামান্য হে পৰিৱৰ্তন কৰিছে।

ইয়াৰ উপৰিও বিভাগটোৱে দীঘলীপুখুৰীৰ সন্মুখৰ ডিভাইডাৰৰ পৰা কেইজোপামান গছ ইতিমধ্যে উঘালি পেলাইছে। লগতে ৰাজ্যিক সংগ্ৰহালয়ৰ সমুখৰো কেইজোপামান গছৰ ডাল-পাত কাটি দিয়াৰ পৰিকল্পনা কৰিছে। আনহাতে, উৰণীয়া সেঁতুখন জিলা পুথিভঁৰাললৈ সম্প্ৰসাৰিত কৰাৰ বাবে নতুনকৈ ১০ জোপাতকৈও অধিক কটাৰ প্ৰয়োজন হব। এই গছ সমূহৰ এজোপা বা দুজোপা কাটিলেও পৰিৱেশৰ ওপৰত সাংঘাতিক প্ৰভাৱ পৰিব। কিয়নো শতিকা পুৰণি এই গছ সমূহে গোটেই অঞ্চলটোৰ শ শ চৰাই-চিৰিকটি আৰু পৰিৱেশটোক সুৰক্ষা দি আহিছে।

গুৱাহাটী সচেতন নাগৰিক সমাজৰ এগৰাকী আহ্বায়কে কয় যে চৰকাৰে লোৱা সিদ্ধান্ত পৰিৱেশৰ ক্ষতিৰ লগতে ন্যায়ালয়ত দিয়া প্ৰতিশ্ৰুতিও ভংগ কৰিছে। জিলা পুথিভঁৰাললৈ উৰণীয়া সেঁতুখন সম্প্ৰসাৰণ কৰিলে আদালতৰ আগত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ভংগ হোৱাই নহয়, পোনপটীয়াকৈ দীঘলীপুখুৰীৰ ঐতিহ্যৰ ক্ষতি হোৱাৰ লগতে অতিৰিক্ত গছ কটাৰো প্ৰয়োজন হব।

উল্লেখ্য যে উৰণীয়া সেঁতুখনৰ সম্প্ৰসাৰণে দীঘলীপুখুৰীৰ সৌন্দৰ্য আৰু ঐতিহ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এই সম্প্ৰসাৰণে দীঘলীপুখুৰী এলেকাটো অধিগ্ৰহণ কৰাৰ লগতে স্থানীয় জৈৱ বৈচিত্ৰ্যক বিঘ্নিত কৰিব। কেৱল এয়াই নহয়, এই উৰণীয়া সেঁতুৰ ফলত দীঘলীপুখুৰীৰ ভিতৰত থকা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিটোক ঢাকি ধৰিব, যাৰ ফলত আঁতৰৰ পৰা প্ৰতিমূৰ্তিটোৰ দৰ্শন পোৱা অসম্ভৱ হৈ পৰিব। দীঘলীপুখুৰী মূল প্ৰৱেশদ্বাৰতো এই সেঁতুখনৰ প্ৰভাৱ পৰিব। ইতিমধ্যেই চৰকাৰে দীঘলীপুখুৰীলৈকে উৰণীয়া সেঁতুখন সম্প্ৰসাৰণ কৰাৰ কাম আৰম্ভ কৰিছে।

উল্লেখ্য যে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে বাৰম্বাৰ এই উৰণীয়া সেঁতু তথা দীঘলীপুখুৰী-আমবাৰী অঞ্চলৰ গছ-গছনি কটাৰ বিৰোধিতা কৰিছিল। সেই সময়ত গুৱাহাটী সচেতন নাগৰিক সমাজে কৰা প্ৰতিবাদতো ভাগ লৈছিল জুবিন গাৰ্গে। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ শোকত ৰাইজ ম্ৰিয়মান হৈ থকাৰ সুযোগ লৈ শিল্পীগৰাকী মৃত্যুৰ ৬ দিনৰ পিছতেই দীঘলীপুখুৰীৰ পাৰলৈকে উৰণীয়া সেঁতুখন আগবঢ়াই নিয়াৰ কাম আৰম্ভ কৰে। এই কাৰ্যই জুবিন গাৰ্গক চূড়ান্ত অপমান কৰিছে বুলি মন্তব্য কৰিছে গুৱাহাটী সচেতন নাগৰিক সমাজে।

সেয়েহে, উৰণীয়া সেঁতুখনৰ এই সম্প্ৰসাৰণ শীঘ্ৰে প্ৰত্যাহাৰ কৰি অঞ্চলটোৰ পৰিৱেশ আৰু দীঘলীপুখুৰীৰ ঐতিহ্য ৰক্ষা কৰিবলৈ দাবী জনাইছে গুৱাহাটী সচেতন নাগৰিক সমাজে।