NORTHEAST NOW (Assamese)
Popular Stories

‘ধোনীয়ে সকলোতকৈ ওপৰত’! পৰীক্ষাৰ বহীত লিখি বিদ্যালয়ৰ পৰা নিলম্বিত হ’ল ছাত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 7, 2023 3:30 pm

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লোৱা চাৰি বছৰ হ’ল। বছৰৰ এটা নিৰ্দিষ্ট সময়ত তেওঁক আই পি এলত দেখা যায়। ছচিয়েল মিডিয়াত প্ৰায়ে ভাইৰেল হৈ পৰে। তেওঁৱেই অদ্বিতীয় আৰু একমাত্ৰ মহেন্দ্ৰ সিং ধোনী। খেলপথাৰৰ বাহিৰত আৰু খেলপথাৰৰ বাহিৰত য’তেই নাথাকক কিয়, তেওঁক আৱৰি থাকে অগণন অনুৰাগীয়ে। কিন্তু ধোনীৰ প্ৰতি ভালপোৱা ইমান পৰ্যায়লৈ যাব পাৰে, সেই কথা জানিলে আপুনি আচৰিত হ’ব।

ছ’চিয়েল মিডিয়াত জানিব পোৱা গৈছে যে দিল্লীৰ গজোধৰ নামৰ এজন ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহীত ‘থালা’ লিখিছে। সেইবাবেই বিদ্যালয় কৰ্তৃপক্ষই ল’ৰাজনক নিলম্বন কৰিছে।

কিন্তু স্কুলৰ ছাত্ৰজনে পৰীক্ষাৰ উত্তৰ বহীত ‘থালা’ শব্দটো লিখিলে? ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা পোষ্ট মতে দিল্লীৰ গজোধৰ নামৰ এজন ছাত্ৰই নিজৰ স্কুলৰ গণিত পৰীক্ষাৰ সকলো প্ৰশ্নৰ উত্তৰতে লিখিছিল ‘থালা’। আৰু এনে কামৰ বাবে সেই বিদ্যালয়ৰ পৰা ছাত্ৰজনক নিলম্বন কৰা হৈছে।

লগতে পঢ়কঃ নৰাধম দৰা! সোণ, গাড়ী নাপাই বিয়াই বাতিল; প্ৰেমিকৰ যৌতুকৰ চাপত জীৱন শেষ কৰিলে চিকিৎসক যুৱতীয়ে!

এই বিষয়ত বহুতে নিজৰ মতামত প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়া চাইট এক্সত এজন মন্তব্যকাৰীয়ে কয়, ‘গজোধৰে গণিতৰ পৰীক্ষাত থালা লিখাৰ পৰিৱৰ্তে ৭ লিখিব লাগিছিল।’

২০০৮ চনত প্ৰথম আই পি এলৰ পিছত চেন্নাই ছুপাৰ কিংছৰ এক অবিচ্ছেদ্য অংগ থালা। বিশ্বকাপ বিজয়ী ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে বিগত ১৫ বছৰত চি এছ কেৰ উত্থান-পতনৰ সৈতে জড়িত হৈ আছে। আৰু চেন্নাইৰ ক্ৰিকেটপ্ৰেমীসকলে তেওঁক ‘থালা’ বুলি মাতে। সমগ্ৰ দক্ষিণ ভাৰত ‘থালা’ৰ প্ৰতি আকৰ্ষিত। দিল্লীৰ গজোধৰ নামৰ এজন ছাত্ৰই সেই কথাকে প্ৰমাণ কৰিছে। গণিতৰ পৰীক্ষাৰ উত্তৰবহীখনৰ সকলো প্ৰশ্নৰ উত্তৰত গজোধৰে লিখিছিল ‘থালা’। আৰু নিলম্বিত হৈ তাৰ ফলাফলো পালে।

ইতিমধ্যে ২০২৪ চনৰ আই পি এলক লৈ উত্তেজনা বৃদ্ধি পাইছে। পৰৱৰ্তী কোটিপতি লীগৰ বাবে নিজকে সাজু কৰি তুলিছে ধোনীয়ে নিজেই। তেওঁ নিয়মীয়া জিম আৰু শাৰীৰিক ব্যায়াম ভাল পায়। যোৱা আই পি এলত আঁঠুৰ আঘাতৰ সৈতে চেন্নাই ছুপাৰ কিংছক চেম্পিয়ন কৰি তুলিছিল।

লগতে পঢ়কঃ বিশ্বৰ আটাইতকৈ ধুনীয়া গছ! সোণালী পোহৰ বিলাইছে ৮০০ বছৰীয়া এই গছজোপাই

পঞ্চমবাৰৰ বাবে চেম্পিয়ন হৈছে ‘হালধীয়া আৰ্মি’। এই কাৰণেই চি এছ কেই ধোনীক ধৰি ৰাখিছে। অহা বছৰো তেওঁক অধিনায়ক হিচাপে দেখা যাব। ১৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই মিনি নিলাম। ‘কেপ্তেইন কুল’ৰ কৌশলে চি এছ কেৰ নিলামৰ টেবুলত কিমান প্ৰভাৱ পেলায় সেয়া লক্ষ্যণীয় হ’ব।