NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত উত্তৰ-পূব সাংস্কৃতিক মহোৎসৱৰ লাই খুঁটা স্থাপন

Posted by: পার্শ্বজোতি গগৈ December 17, 2018 9:17 pm
IMG-20181217-WA0021

অহা ইংৰাজী ৪ আৰু ৫ জানুৱাৰিত শিৱসাগৰত সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত উত্তৰ-পূব সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত হ’ব। মহোৎসৱৰ লগত সংগতি ৰাখি সাংস্কৃতিক মহাসভাৰ চতুৰ্থ সংখ্যক ৰাজ্যিক উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব।

বৰৰজা ফুলেশ্বৰী কুঁৱৰী সমন্বয় ক্ষেত্ৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ’বলগা অনুষ্ঠাটোৰ লাই খুঁটা ধৰ্মীয় ৰীতি নীতিৰে আজি স্থাপন কৰা হয়। বিশিষ্ট শিক্ষাবিদ নীলমণি মহন্তই বন্তি প্ৰজ্বলন কৰাৰ পাছতেই উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মী মহন্তই আনুষ্ঠানিক ভাৱে লাই খুঁটা স্থাপন কৰে।

সাংস্কৃতিক সহাসভাৰ সাধাৰণ সম্পাদক ত্ৰৈলোক্য দত্তই অনুষ্ঠানটোৰ সন্দৰ্ভত জনায় যে, মহাসভাই ১১০ গৰাকী ব্যক্তিক জীৱনজোৰা সাধনা বঁটা, বিশেষ সম্বৰ্দ্ধনা বঁটা, বিশেষ উপাধি বঁটাৰে সম্বোধিত কৰিব। ৰাজ্যিক উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠানৰ উপৰিও উত্তৰ-পূৱ সাংস্কৃতিক মহোৎসৱৰ দুদিনীয়া কাৰ্য্যসূচীত অসমৰ বহুকেইজন বুদ্ধিজীৱি, সাহিত্যিক উপস্থিত থাকিব।

লাই খুঁটা স্থাপন অনুষ্ঠানত সাহিত্যিক প্ৰেম গগৈ, গীতিকাৰ হেম দত্ত, শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিনহাকে ধৰি বহুটো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।