NORTHEAST NOW (Assamese)
অসম

অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ আহ্বান জনোৱা নাই কাৰ্বি ছাত্ৰ সন্থাই

Posted by: নংগি তেৰাং Updated by: নংগি তেৰাং December 17, 2018 9:20 pm
KSA press conference

কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক থমছন ৰংপীয়ে আজি ১৭ ডিচেম্বৰ সোমবাৰে কৈছে যে তেওঁলোকে আহ্বান জনোৱা ৩৬ ঘণ্টীয়া বন্ধৰ পাছত পুনৰ এটা অনিৰ্দিষ্টকালীন বন্ধৰ আহ্বান জনোৱা হোৱা নাই। ৰংপীয়ে কৈছে, ‘‘আমি যোৱা দেওবাৰৰ পুৱা ৫-০০ বজাৰ পৰা সোমবাৰে আবেলি ৫-০০ বজালৈকে আমাৰ সভাপতি ছিমিয়ন ৰংফাৰৰ মুক্তিৰ দাবীত ৩৬ ঘণ্টীয়া বন্ধৰ আহ্বান জনোৱাৰ পাছত কোনো বন্ধৰ আহ্বান জনোৱা নাই। এই বন্ধৰ আহ্বান এটা উৰা বাতৰিহে। এতিয়া বৰদিন আৰু পৰীক্ষাৰ সময় হোৱা হেতুকে ১৬টা সংগঠনে কোনো বন্ধ দিয়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰংফাৰক গ্ৰেপ্তাৰ কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙক সমালোচনা কৰি কেএছএই তেওঁক চিইএম হোৱাৰ বাবে অনুপযুক্ত বুলি কয়। তেওঁ কয় যে ৰংফাৰৰ গ্ৰেপ্তাৰৰ সৈতে তুলিৰাম ৰংহাং প্ৰত্যক্ষভাৱে জড়িত নহয় যদিও তেওঁ তেওঁৰ ভয়েকক ৰংফাৰৰ বিপক্ষে গোচৰ ৰুজু কৰাৰ বাবে আদেশ দিছিল। ৰংপীয়ে কয় যে তেওঁলোকৰ সভাপতিগৰাকীক গ্ৰেপ্তাৰ কৰিলেই আন্দোলন থমকি নৰয়।

উল্লেখ্য যে ৩৬ ঘণ্টীয়া বন্ধৰ শেষৰ ফালে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাছিল। জনসাধাৰণ, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে এটা দীঘলীয়া বন্ধৰ দিন উপভোগ কৰিছিল। চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি সেৰেঙা আছিল। ৰাজহুৱা পৰিবহণ নাছিল যদিও ৰাষ্টাত যান-বাহন যথেষ্ট পৰিলক্ষিত হৈছিল।

কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নগৰ সমিতিৰ নিৰ্বাচনৰ সময়সূচী ঘোষণা

কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নগৰ সমিতি পৰিক্ৰমাৰ উপ সচিব মাইকেল তিমুঙে আজি ১৭ ডিচেম্বৰ সোমবাৰে আবেলি ৬-০০ বজাত এখন সংবাদমেলত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত নগৰ সমিতিৰ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে।

এই অনুসৰি, ২০১৯ৰ জানুৱাৰিৰ ৮ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ’ব। মনোনয়নপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ২৮ ডিচেম্বৰ ২০১৮। ২৯ ডিচেম্বৰত মনোনয়নুপত্ৰ পুনৰীক্ষণ কৰা হ’ব।মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৩১ ডিচেম্বৰ। পুনৰ ভোটগ্ৰহণ হ’লে সেয়া ৯ জানুৱাৰিত গ্ৰহণ কৰা হ’ব আৰু ফলাফল ঘোষণা কৰা হ’ব ২০১৯ৰ ১০ জানুৱাৰিত।

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া নগৰ সমিতিকেইখন হৈছে ডিফু, বোকাজান, বকলীয়া, লাংহিন, ডোকমোকা, হাওৰাঘাট, ডংকামুকাম, হামৰেন আৰু বৈঠালাংছ’।

ইয়াৰ পূৰ্বে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ৭খন নগৰ সমিতি আছিল। যোৱা বছৰ লাংহিন আৰু বৈঠালাংছক সংযোগ কৰি ৯খন কৰা হয়।

ইতিমধ্যে সাম্ভাব্য প্ৰাৰ্থীসকলে কাৰ্বি আংলং জিলাৰ বহু প্ৰত্যাশিত নগৰ সমিতিৰ নিৰ্বাচনৰ বাবে যোৱা ৩ মাহৰ পৰাই শাসনাধিষ্ঠ বিজেপিৰ জিলাৰ দলীয় সভাপতিৰ ঘনিষ্ঠ হ’বলৈ চেষ্টা কৰি আছে। এই নিৰ্বাচনে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাং আৰু বিজেপি দলৰ জনপ্ৰিয়তাৰ এটা পৰীক্ষা সম্পন্ন কৰিব। লোকসভা নিৰ্বাচন সমাগত হেতুকে নগৰ সমিতিৰ নিৰ্বাচন বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।