NORTHEAST NOW (Assamese)
Popular Stories

ৱাজিদ খানৰ মাতৃৰো দেহত ওলাল ক’ভিড-১৯ পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 2, 2020 1:23 pm

বলিউদৰ জনপ্ৰিয় সংগীত পৰিচালক ৱাজিদ খানৰ মৃত্যুৱে সকলোকে স্তম্ভিত কৰি তোলাৰ পিছতে আহিছে আন এক দুখবৰ।

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, ৱাজিদ খানৰ মাতৃ ৰজীনা খানো ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। বৰ্তমান তেওঁ মু্ম্বাইৰ চুৰানা চেথিয়া চিকিৎসালয়ত ভৰ্তি হৈ আছে।

চুৰুনা চেথিয়া চিকিৎসালয়তে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল সংগীত পৰিচালক ৱাজিদ খানৰ।

৪২ বৰ্ষীয় ৱাজিদ খানৰ কেইমাহমান পূৰ্বে কিডনী ট্ৰান্সপ্লেন্ট কৰা হৈছিল।

তেওঁৰ স্বাস্থ্য সুস্থ নাছিল আৰু কেইদিনমান পূৰ্বে তেওঁৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছিল।

দেওবাৰে সন্ধিয়া তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু চিকিৎসকে আপ্ৰাণ চেষ্টা কৰিও তেওঁক বচাব নোৱাৰিলে।

চিকিৎসালয়ত ভৰ্তি হৈ থকা সময়ত ৱাজিদৰ শুশ্ৰুষাত ব্ৰতী হৈ আছিল মাতৃ ৰজীনা খান। সেই কাৰণেই মাতৃ ৰজীনাৰ দেহত ক’ৰ’নাৰ সংক্ৰমণ হোৱা বুলি ধাৰণা কৰা হৈছে।

উল্লেখযোগ্য যে ৱাজিদৰ ভাতৃ চাজিদৰ সৈতে লগ লাগি চলমান খানৰ বাবে বিশেষভাৱে সংগীত ৰচনা কৰিছিল।

চলমান খনৰ দাবাং ছবিখনৰ সংগীতে সকলোৰে মন চুই গৈছিল আৰু ই জনপ্ৰিয়তাৰ শিখৰত আৰোহন কৰিছিল।

চাজিদ-ৱাজিদে ১৯৯৮ চনত চলমান খানৰ ছবি ‘’প্যাৰ কিয়া তো ডৰনা কিয়া’’ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।