NORTHEAST NOW (Assamese)
অসম

সত্ৰীয়া সংস্কৃতি সাধনা অটুট ৰাখি নাটকেৰে জীৱন গঢ়াৰ হেঁপাহ কুকিলৰ

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা May 30, 2019 7:10 pm
Screenshot_20190530_174723

‘’নাটক কৰিও স্বচ্ছল জীৱন পাৰ কৰিব পাৰি।‘’ এই আশা ব্যক্ত কৰিছে কলিয়াবৰৰ এগৰাকী প্ৰতিভাসম্পন্ন যুৱক কুকিল গোস্বামীয়ে।

মুম্বাই বিশ্ববিদ‍্যালয়ৰ নাট‍্য কলাৰ স্নাতকোত্তৰ পাঠ‍্যক্ৰমৰ ছাত্ৰ কুকিল গোস্বামী সংস্কৃতিৰ বৰঘৰ কলিয়াবৰৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰকৃত সাধক প্ৰয়াত যোগেন গোস্বামীৰ উত্তৰসূৰী।

প্ৰকৃত শিল্পী হোৱাৰ পাছতো ৰাজ‍্য চৰকাৰৰ শিল্পী পেঞ্চনৰ পৰা বঞ্চিত কলিয়াবৰৰ উলুৱনীৰ শ্ৰীশ্ৰীগোৱিন্দ এলেঙী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰকৃত সাধক প্ৰয়াত যোগেন গোস্বামীৰ দ্বিতীয় পুত্ৰ কুকিল গোস্বামী।

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট‍্য বিদ‍্যালয়ৰ স্নাতক কলিয়াবৰৰ পৰাগ শৰ্মাৰ পাছতেই  নাট‍্য কলা বিষয়ত উচ্চ শিক্ষাৰ সুবিধা পাইছে কলিয়াবৰৰ সু-সন্তান কুকিল গোস্বামীয়ে।

Screenshot_20190530_174744
বাঁহীত বৰগীতৰ সুৰ বজাই শুনোৱা মুহূৰ্তত কুকিল। ফটো : নৰ্থইষ্ট নাও

সাধাৰণতে নাট‍্য শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠানৰ কথা ক’লে প্ৰথমতে নাট‍্য শিক্ষাৰ স্নাতক পাঠ‍্যক্ৰম থকা নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট‍্য বিদ‍্যালয়ৰ কথাহে মনলৈ আহে। কিন্তু বৰ্তমান ভাৰতীয় নাট‍্য কলাক এক বিদ‍্যায়তনিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দেশৰ বিভিন্ন বিশ্ববিদ‍্যালয়ত নাট‍্য কলাৰ স্নাতক তথা স্নাতকোত্তৰ পাঠ‍্যক্ৰম মুকলি হৈছে।

পিতৃৰ হাতত ধৰি সত্ৰীয়া সংস্কৃতিৰ পথাৰত খোজ পেলোৱা কুকিল গোস্বামী এতিয়া মুম্বাই বিশ্ববিদ‍্যালয়ৰ অন্তৰ্গত একাডেমী অৱ থিয়েটাৰ আৰ্টছৰ নাট‍্য কলাৰ স্নাতকোত্তৰ পাঠ‍্যক্ৰমৰ ছাত্ৰ।

প্ৰথম বৰ্ষৰ পৰীক্ষাৰ অন্তত ডেৰমহীয়া গৰমৰ বন্ধত মুম্বাইৰ পৰা আহি কলিয়াবৰৰ ঘৰত আছেহি কুকিল। কুকিল অহাৰ খবৰ পাই আমি  নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰা তেওঁক সাক্ষাৎ কৰিছিলো। তেওঁ আনন্দিত হৈ আমাৰ আগত কৈ গ’ল মনৰ কথা, নাটকৰ কথা। তদুপৰি, তেওঁ বাঁহীত বৰগীতৰ সুৰ বজাইয়ো আমাক শুনালে।

নাটকৰে জীৱন গঢ়াৰ হেঁপাহ কুকিলৰ। ভৱিষ্যতে কলিয়াবৰৰ নৱ প্ৰজন্মক নাটকৰ প্ৰতি আকৰ্ষিত কৰিব পৰাকৈ তেওঁ বিভিন্ন ধৰণৰ কৰ্মশালাৰ লগতে প্ৰশিক্ষণ দিয়াৰ বাবে মনত হেঁপাহ পুহি ৰাখিছে।

সংস্কৃতিৰ বৰঘৰ কলিয়াবৰৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰতি যথেষ্ট খিনি কাম কৰিবলগীয়া আছে আৰু নৱ প্ৰজন্মক সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰি তেওঁলোকক আগুৱাই নিয়াৰ দায়িত্বও আছে বুলি কুকিল গোস্বামীয়ে আমাৰ আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিলে।

আমি নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰা তেওঁৰ এই আশা পুৰণ হোৱাৰ কামনা কৰাৰ লগতে সুখ্যাতিৰে নাট‍্য কলাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম সমাপ্ত কৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াৱ বুলি আশা ব্যক্ত কৰি বিদায় ল’লো।