NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাতংকৰ মাজতে গৃহমন্ত্ৰী অমিত শ্বাহে বিহাৰত আৰম্ভ কৰিব বিজেপিৰ বৃহৎ নিৰ্বাচনী ৰেলীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 2, 2020 5:08 pm
amit-shah-1

ক’ৰ’নাতংকৰ মাজতে বিহাৰত বিজেপিয়ে নিৰ্বাচনী ৰণশিঙা বজাবলৈ সাজু হৈ উঠিছে।

সোমবাৰে বিহাৰৰ ৰাজ্যিক বিজেপিৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে অহা সপ্তাহৰ পৰাই বিহাৰত বিজেপিয়ে নিৰ্বাচনী ৰণশিঙা বজাব।

দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে এই নিৰ্বাচনী ৰণশিঙা আৰম্ভ কৰিব ভাচুৱেলি। অৰ্থাৎ ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি গৃহ মন্ত্ৰী অমিত শ্বাহে আৰম্ভ কৰিব বিহাৰত বিজেপিৰ এক বৃহৎ নিৰ্বাচনী ৰেলীৰ।

বিহাৰৰ ৰাজ্যিক বিজেপিৰ সভাপতি সঞ্জয় জয়চোৱালে কয় যে ৰাজ্যখনৰ ২৪৩ টা বিধান সভা সমষ্টিৰ অন্ততঃ এক লাখ লোকে এই ভিডিঅ’ কনফাৰেন্সিঙৰ যোগে গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভাষণ শুনিব পাৰিব।

‘আগন্তুক বিহাৰ বিধান সভা নিৰ্বাচনৰ বাবে এই ভাৰ্চুৱেল ৰেলীক এক শুভাৰম্ভণি বুলি ক’ব পাৰি। ৯ জুনত গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াৰ আৰম্ভণি কৰিব। ইয়াৰ পিছতে একে ধৰণৰ ৰেলীত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডায়ো অংশগ্ৰহণ কৰিব। নাড্ডাই দুটা পৰ্যায়ত ৰাজ্যখনৰ দক্ষিণ আৰু উত্তৰ খণ্ডৰ লোকসকলক সম্বোধন কৰিব।’ ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয়।

চলিত বৰ্ষৰ শেহৰফালে বিহাৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।

উল্লেখ্য যে বিজেপিয়ে মাজতে ৪ টা বছৰ(২০১৩-১৭) বাদ দি জে ডি(ইউ)ৰ নীতিশ কুমাৰৰ চৰকাৰৰ সৈতে ২০০৫ৰ পৰাই অংশগ্ৰহণ কৰি আহিছে।

বিহাৰ উপ মুখ্যমন্ত্ৰী তথা বিহাৰ বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীয়েও বিজেপিৰ ভাৰ্চুৱেল নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰেলী কৰাৰ পোষকতা কৰি আহিছে।