NORTHEAST NOW (Assamese)
অসম

পোন্ধৰশ অতিক্ৰম অসমত ক’ভিড ৰোগীৰ, নতুনকৈ চিনাক্ত ২৮

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 2, 2020 4:37 pm
COVID19: 2310 persons discharged in Assam on Friday

২৮গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিৰে সৈতে অসমত মুঠ আক্ৰান্ত মঙলবাৰে ১৫১৩লৈ বৃদ্ধি পাইছে।

এই মুহূৰ্তত ১২ গৰাকী নগাওঁ, ১০ গৰাকী গোলাঘাট, এগৰাকী যোৰহাট আৰু পাঁচ গৰাকী বিমান যাত্ৰী।

বৰ্তমান ১২২২ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ২৮৪ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কালিৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

ৰাজ্যত এসপ্তাহৰ ভিতৰত সাত শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১৪৩২ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।