হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীৰ মাছৰ অস্বাভাৱিক মৃত্যু হোৱা ঘটনাৰ পৰ্যালোচনা মুখ্য মন্ত্ৰী সোণোৱালৰ

হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীত থকা মাছ অস্বাভাৱিকভাৱে মৃত্যু হোৱা বিষয়টো পৰ্যালোচনা কৰাৰ বাবে আজি মুখ্য মন্ত্ৰীৰ চৰকাৰী আৱাসগৃহৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়।
বৈঠকত এই বিষয়টো পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকত হাজো মাধৱ পুখুৰী সংৰক্ষণ সমিতিৰ বিষয়ববীয়াই মুখ্য মন্ত্ৰীক এই ঘটনাৰ সবিশেষ অৱগত কৰে আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্য মন্ত্ৰীক অনুৰোধ জনায়।
বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে কামৰূপ জিলাৰ উপায়ুক্তক হাজোৰ মাধৱ পুখুৰী সংৰক্ষণ সমিতিৰ সৈতে আলোচনা কৰি মীন বিভাগৰ সহযোগত উপযুক্ত পদক্ষেপ লোৱাৰ বাবে নিৰ্দেশ দিয়ে।
এই দিশত প্ৰয়োজন হ’লে বিশেষজ্ঞ নিয়োগৰ ব্যৱস্থা কৰিবলৈও মুখ্য মন্ত্ৰীক নিৰ্দেশ দিয়ে।
মুখ্য মন্ত্ৰীয়ে কয় যে ঐতিহাসিক এই পুখুৰীত থকা মংস্যকে ধৰি অন্যান্য ধৰি অন্যান্য জলজ জীৱসমূহ সংৰক্ষণ কৰাটো অতিশয় প্ৰয়োজনীয়।
অলপতে সংঘটিত হোৱা এই অস্বাভাৱিক ঘটনাৰ বিজ্ঞানসন্মত কাৰণসমূহ উলিয়াই লৈ এই দিশত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
এই পুখুৰীৰ পানী যাতে কোনো ধৰণৰ বৰ্জিত পদাৰ্থৰ দ্বাৰা বিনষ্ট নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
আজি এই বৈঠকত সাংসদ কুইন ওজা, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মীন বিভাগৰ শীৰ্ষ বিষয়া, হাজো মাধৱ পুখুৰী সংৰক্ষণ সমিতিৰ বিষয়ববীয়া উপস্থিত আছিল।