NORTHEAST NOW (Assamese)
অসম

২০০০ কি.মি. খোজকাঢ়ি ঘৰ পায়ে সৰ্প দংশনত মৃত্যু প্ৰব্ৰজিত শ্ৰমিকৰ, মাতৃ চিকিৎসালয়ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 2, 2020 10:53 pm
Migrant-workers-Fleeing-to-their-Hometown-1024x522

উত্তৰ প্ৰদেশৰ এজন প্ৰব্ৰজনকাৰী শ্ৰমিকে বেংগালুৰুৰ পৰা প্ৰায় ২০০০ কি.মি. খোজকাঢ়ি গৈ ঘৰ পায়ে সৰ্প দংশনত প্ৰাণ হেৰুওৱাৰ এটা ঘটনা পোহৰলৈ আহিছে।

চলমান খান নামৰ শ্ৰমিকগৰাকীৰ ঘৰ উত্তৰ প্ৰদেশৰ গোন্দা জিলাৰ ধানেপুৰ গাঁৱত।

অভাৱনীয় এক কষ্টকৰ দীঘলীয়া যাত্ৰাৰ অন্তত ঘৰ পাই তেওঁ গা ধুবলৈ যাওঁতেই সৰ্প দংশনত তেওঁৰ মৃত্যু ঘটে।

২৩ বছৰীয়া যুৱকজনৰ মৃত্যুৰ লগে লগে মাকৰ অৱস্থা সংকটজনক হৈ পৰে আৰু অচেতন হৈ পৰে।

মাক ৰুকছানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু ভূতৰ ওপৰত দানহৰ দৰে এতিয়া চিকিৎসালয়ৰ ধন পৰিশোধ কৰিবলৈ পৰিয়ালটোৰ হাতত ধনৰ অভাৱ।

চলমানৰ সহকৰ্মী কৌশল কুমাৰ নামৰ এজনৰ মতে ঠিকাদাৰে তেওঁলোকক দুমাহ ধৰি ধন আদায় দিয়া নাছিল।

লকডাউনৰ মাজত ১২ মে’ত তেওঁলোক দহজনে খোজকাঢ়ি ঘৰলৈ বুলি ৰাওনা হয় আৰু ২৬ মে’ত আহি ঘৰত উপস্থিত হয়।